অবিশ্বাস্য ফিল্ডিং! নিশ্চিত ছয় আগুৰি দৰ্শকৰ হৃদয় জিনিলে মায়াংক আগৰৱালে

মায়াংক আগৰৱাল চলিত আই পি এলৰ কিংছ ইলেভেন পঞ্জাবৰ অন্যতম ভৰসা।
মায়াংক আগৰৱাল চলিত আই পি এলৰ কিংছ ইলেভেন পঞ্জাবৰ অন্যতম ভৰসা।
- News18 Assam
- Last Updated: October 19, 2020, 11:26 AM IST
আই পি এলত প্ৰথমবাৰলৈ কোনো খেলৰ ফলাফলৰ বাবে বাট চাবলগীয়া হ’ল দুবাৰকৈ ছুপাৰ অভাৰৰ। নিয়ম অনুসৰি প্ৰথম ছুপাৰ অভাৰত যিয়ে বেটিং বা বলিং কৰে, তেওঁলোকে দ্বিতীয় ছুপাৰ অভাৰত বেটিং বা বলিং কৰিব নোৱাৰে। ফলত দ্বিতীয় ছুপাৰ অভাৰত মুম্বাইৰ হৈ বেটিং কৰিবলৈ আহিছিল কায়ৰন পোলাৰ্ড আৰু হাৰ্দিক পাণ্ডিয়া। ক্ৰিছ জৰ্ডানৰ সেই অভাৰত এটা উইকেট হেৰুৱাই মুম্বায়ে কৰিছিল ১১ ৰান। অন্তিম বলত মায়াংক আগৰৱালে অবিশ্বাস্যভাৱে ছয় নবচালে খেলখনত হয়তো আৰু অধিক ৰান অনুসৰণ কৰিব লাগিলহেঁতেন পঞ্জাবে। কিন্তু ক্ৰিছ গেইল আৰু মায়াংক আগৰৱালৰ যুটীয়ে সহজে ১২ ৰানৰ লক্ষ্য অতিক্ৰম কৰে।
মায়াংক আগৰৱাল চলিত আই পি এলৰ কিংছ ইলেভেন পঞ্জাবৰ অন্যতম ভৰসা। বেটিং, ফিল্ডিং সকলোতে প্ৰতিদিনেই মুগ্ধ কৰিছে দৰ্শকক। দেওবাৰে ডিপ মিড উইকেটত উঠা এটা বল অবিশ্বাস্যভাৱে ছয় হোৱাৰ পৰা ৰক্ষা কৰি ক্ৰিকেটপ্ৰেমীৰ হৃদয় জিনিবলৈ সক্ষম হয় মায়াংকে।
What was this? 😱🔥
What an effort by Mayank Agarwal! This is only getting intense. #MIvsKXIP • #SuperOver • #IPL2020 pic.twitter.com/zP1X3OYTt3
— UrMiL07™ (@urmilpatel21) October 18, 2020