বৰ্ষাপাৰাত ধাৰাসাৰ বৰষুণ, বৰষুণ এৰাৰ সম্ভাৱনা কিমান?

News18 Assam | News18-Assam
Updated:January 5, 2020, 7:15 PM IST
বৰ্ষাপাৰাত ধাৰাসাৰ বৰষুণ, বৰষুণ এৰাৰ সম্ভাৱনা কিমান?
বৰষুণৰ বাবে নিৰ্ধাৰিত সময়ত অনুষ্ঠিত কৰিব পৰা নগ’ল ভাৰত–শ্ৰীলংকাৰ মাজৰ টি–২০ মেচ

বৰষুণৰ বাবে নিৰ্ধাৰিত সময়ত অনুষ্ঠিত কৰিব পৰা নগ’ল ভাৰত–শ্ৰীলংকাৰ মাজৰ টি–২০ মেচ

  • Share this:
বেয়া খবৰ! বতৰে বিধি পথালি দিছে ভাৰত শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া টি–২০ মেচত। ৭ বজাৰ পৰা মেচখন অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও, প্ৰতিকুল বতৰৰ বাবে আৰম্ভ হোৱা নাই মেচ। ইফালে মেচখনত ভাৰতে টচত জয়লাভ কৰি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছে।

তথ্য  অনুসৰি আজি নিশা লৈকে বৰষুণ কম বেছি পৰিমাণে গুৱাহাটী মহানগৰীত হোৱাৰ সম্ভাৱনা আছে। ইফালে ৯ বজাত বতৰ কিছু ভাল কৰাৰ সম্ভাৱনা আছে যদিও ১০.৪৫ বজাৰ পৰা আকৌ বৰষুণ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে বুলি অনুমান কৰিছে বতৰ বিশেষজ্ঞই।
আৰু চাওক
পৰৱৰ্তী বাতৰি