গুৱাহাটীত মেগনিফিচিয়েন্ট মেৰী কমৰ যুঁজ

১৮ মে’ত গুৱাহাটীত আহি উপস্থিত হ’বলগীয়া মেৰীয়ে অসমৰ বক্সাৰক শিকাব খেলৰ কৌশল।

news18assam
Updated:May 12, 2019, 5:39 PM IST
গুৱাহাটীত মেগনিফিচিয়েন্ট মেৰী কমৰ যুঁজ
১৮ মে’ত গুৱাহাটীত আহি উপস্থিত হ’বলগীয়া মেৰীয়ে অসমৰ বক্সাৰক শিকাব খেলৰ কৌশল।
news18assam
Updated: May 12, 2019, 5:39 PM IST
২০ মে’ৰ পৰা ২৪ মে’লৈ গুৱাহাটীৰ সৰুসজাইত অনুষ্ঠিত হব ইণ্ডিয়া অ’পেন আন্ত:ৰাষ্ট্ৰীয় বক্সিং। গুৱাহাটীৰ এই প্ৰতিযোগিতাৰ মূল আকৰ্ষণ হৈছে এম চি মেৰীকম। ১৮ মে’ত গুৱাহাটীত আহি উপস্থিত হ’বলগীয়া মেৰীয়ে অসমৰ বক্সাৰক শিকাব খেলৰ কৌশল। ছয়দিন গুৱাহাটীত কটাব এম চি মেৰীকমে। সৰুসজাইত গুৱাহাটীৰ ইণ্ডিয়া অ’পেন আন্ত:ৰাষ্ট্ৰীয় বক্সিঙত অংশ লোৱাৰ বাবে ১৮ মে’ত মহানগৰীলৈ আহিবলগীয়া মেগনিফিচেন্ট মেৰীকমক লৈ উৎসাহিত ক্ৰীড়াপ্ৰেমী। মেৰীৰ লগতে ভাৰতীয় দলটোত থাকিব অলিম্পিয়ান বক্সাৰ শিৱ থাপা। সম্মানীয় ইণ্ডিয়া অ’পেন বক্সিং চেম্পিয়নশ্বিপত বিশ্বৰ ২৬ খন দেশৰ আগশাৰীৰ খেলুৱৈয়ে অংশ লব। এই খেলুৱৈসকলৰ মাজত মূল আকৰ্ষণ অলিম্পিকৰ ব্ৰঞ্জৰ পদকবিজয়ী তথা ছয়বাৰৰ বিশ্ব চেম্পিয়ন মেৰীকমে গুৱাহাটীত অসমৰ বক্সাৰক দিব খেলৰ টিপছ, অংশ লব বিশেষ কৰ্মশালাত। মেৰীকম, শিৱ থাপাৰ লগতে ফাইলাও বসুমতাৰী, লাভলীনা বৰগোঁহাই আৰু ভাগ্যৱতী কছাৰীয়েও অংশ লব ইণ্ডিয়া অ’পেন আন্ত:ৰাষ্ট্ৰীয় বক্সিঙত। অসম বক্সিং সন্থাৰ সাধাৰণ সম্পাথক হেমন্ত কলিতাই অসমৰ খেলুৱৈ সকলক অভিনন্দন জ্ঞাপন কৰিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি