ভাৰতীয় ক্ৰীড়াৰ উজ্বল নক্ষত্ৰ চুনী গোস্বামীৰ প্ৰয়াণত শোকাহত দেশ, ডাকটিকটত স্থান পোৱা প্ৰথম ভাৰতীয় ফুটবলাৰ

News18 Assam | News18-Assam
Updated:May 1, 2020, 9:42 AM IST
ভাৰতীয় ক্ৰীড়াৰ উজ্বল নক্ষত্ৰ চুনী গোস্বামীৰ প্ৰয়াণত শোকাহত দেশ, ডাকটিকটত স্থান পোৱা প্ৰথম ভাৰতীয় ফুটবলাৰ
মোহনবাগানৰ হৈ খেলি থাকোতেই ভাৰতীয় দলত খেলাৰ সুযোগ পাইছিল তেওঁ। ১৯৫৪চনত আন্তঃৰাষ্ট্ৰীয় ফুটবলত ঘটিছিল অভিষেক। 

মোহনবাগানৰ হৈ খেলি থাকোতেই ভাৰতীয় দলত খেলাৰ সুযোগ পাইছিল তেওঁ। ১৯৫৪চনত আন্তঃৰাষ্ট্ৰীয় ফুটবলত ঘটিছিল অভিষেক। 

  • Share this:
তেওঁৰ পোচাকী নাম সুবিমল গোস্বামী। ফুটবলৰ ময়দান আৰু সমগ্ৰ বিশ্বৰ অনুৰাগীৰ মাজত পৰিচিত চুনী গোস্বামী হিচাপে। কেৱল ফুটবলেই নহয় একাধিক খেলত দক্ষতা আছিল চুনী গোস্বামীৰ। এফালে ফুটবল দলৰ অধিনায়ক হিচাপে এছিয়ান গেমছত সোণৰ পদক আনফালে ক্ৰিকেটত বংগৰ অধিনায়ক হিচাপে দলক ৰঞ্জীৰ ফাইনেললৈ লৈ গৈছিল তেওঁ। এনে অপৰিসীম ক্ৰীড়া প্ৰতিভাৰ আকৰ আছিল চুনী গোস্বামী। এনে প্ৰতিভা ভাৰতীয় ক্ৰীড়া জগতৰ বাদেই আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়ামহলতো বিচাৰিব লাগিব।

তেওঁৰ জন্ম ১৯৩৮চনৰ ১৫জানুৱাৰীত সেই সময়ৰ বাংলাদেশৰ কিশোৰগঞ্জত। শৈশৱৰ পৰাই খেলেই তেওঁৰ নিছা। আঠ বছৰ বয়সতে মোহনবাগান জুনিয়ৰ দলত খেলিবলৈ লয়। তাৰপিছত ১৯৫৪চনত মোহনবাগান চিনিয়ৰ দলত খেলিবলৈ লয়। ১৯৬০চনৰ পৰা ১৯৬৪চনলৈ তেওঁ মোহনবাগানৰ নেতৃত্ব দিয়ে। মোহনবাগানৰ জাৰ্ছি পিন্ধিয়েই তেওঁ স্ক’ৰ কৰে ২০০টা গ’ল। ১৯৬৮চনত তেওঁ মোহনবাগানৰ খেলৰ পৰা অৱসৰ গ্ৰহণ কৰে। ইয়াৰ পিছত তেওঁ ভাৰতীয় ফুটবল দলৰ দায়িত্ব গ্ৰহণ কৰে। 

মোহন বাগানৰ হৈ খেলিয়ে তেওঁ ভাৰতীয় দলত খেলাৰ সুযোগ পাইছিল। ১৯৫৪চনত আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলে প্ৰথম। ৫০খনৰো অধিক আন্তঃৰাষ্ট্ৰীয় ফুটবল মেচ খেলি গ’ল কৰে ১২টা। ১৯৬৩চনত তেওঁক অৰ্জুন পুৰষ্কাৰ প্ৰদান কৰা হয়। ১৯৮৩চনত পদ্মশ্ৰী। ২০০৫চনত মোহনবাগান ৰত্ন। চুনী গোস্বামীৰ নেতৃত্বত ভাৰতীয় ফুটবলৰ স্বৰ্ণযুগ বুলি কোৱা হয়। ১৯৬২ত এচিয়ান গেমছত সোণৰ পদক জিকিছিল ভাৰতে। ১৯৬৪চনত এচিয়া কাপত তেওঁৰ নেতৃত্বতে ৰূপৰ পদক জয়। 

কেৱল ফুটবলতেই নহয় ক্ৰিকেটৰ বলৰ প্ৰতিও তেওঁৰ আছিল আকৰ্ষণ। সোঁহতীয়া বেটছমেন চুনী গোস্বামী আছিল মিডিয়াম পেচ বলাৰ। ১৯৬২–৬৩চনত বংগৰ ৰঞ্জী দলত প্ৰৱেশ ঘটে তেওঁৰ। তেওঁৰ নেতৃত্বত ৰঞ্জী ট্ৰফীৰ ফাইনেলত খেলাৰ সুযোগ পায় বংগ ক্ৰিকেট দলে। তেওঁ খেলিছিল ৪৬খন প্ৰথম শ্ৰেণীৰ ক্ৰিকেট মেচ। ৰাণ ১৫৯২, এটা চেন্সুৰী আৰু সাতটা হাফ চেন্সুৰী। গড় আছিল ২৮.৪২। বল হাতত লৈ পাইছিল ৪৭টা উইকেট। ২০১১–২০১২চনত তেওঁ জীৱনজোৰা সাধনা বঁটা লাভ কৰে।

কৈ শেষ কৰিব নোৱাৰি এইজন প্ৰতিভাধৰ ক্ৰীড়াবিদৰ প্ৰতিভাৰ কথা। ফুটবল, ক্ৰিকেটেই নহয় ৰেকেট হাতত লৈ টেনিছ ক’ৰ্টতো দপদপাইছিল চুনী গোস্বামীয়ে। পাৰদৰ্শীতা আছিল হকী খেলতো। এজন সম্পূৰ্ণ ক্ৰীড়াবিদ। তেওঁ অভিনয় কৰিছিল চিনেমাজগততো। মুঠতে যিহতে হাত দিছিল তাতেই সফলতাৰ শীৰ্ষত উপনীত হৈছিল সুবিমল চুনী গোস্বামী।

৮২বছৰ বয়সত দেহাৱসান ঘটনা চুনী গোস্বামীয়ে শেষ জীৱনত লাভ কৰে আন এক বিৰল স্বীকৃতি। কোৰোণাৰ সময়ৰ পূৰ্বে এদিন এজন পোষ্টমেনে তেওঁৰ ৮২বছৰীয়া জন্মদিনৰ ঠিক আগে আগে হাতত তুলি দিয়ে এক বিশেষ উপহাৰ। মৃত্যুৰ মাত্ৰ তিনিমাহ পূৰ্বে চুনী গোস্বামীৰ নামত ছপা হয় পোষ্টেল ষ্টাম্প। সেই ষ্টাম্প তেওঁক দিবলৈ গৈছিল পোষ্টমেন। ভাৰত চৰকাৰে চুনী গোস্বামীক দিয়া এক বিশেষ সন্মান। ইয়াৰ আগতে শচীন তেণ্ডুলকাৰৰ বাহিৰে কোনো ভাৰতীয় পুৰুষ ক্ৰীড়াবিদে এই বিৰল সন্মান নাই পোৱা। অৱশ্যে এটা ডাকটিকেটত স্থান লাভ কৰিছিল ঝুলন গোস্বামীয়ে। 
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading