உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • বগাহাতীত পৰিণত অসমৰ ক্ৰীড়া বিভাগ, চিনি নাপাই জয়ন্ত তালুকদাৰ, শিৱ থাপা, মনালিছা বৰুৱা আদিক

    বগাহাতীত পৰিণত অসমৰ ক্ৰীড়া বিভাগ, চিনি নাপাই জয়ন্ত তালুকদাৰ, শিৱ থাপা, মনালিছা বৰুৱা আদিক

    অসমৰ বহু খেলুৱৈ উপেক্ষিত হ'ল মুখ্যমন্ত্ৰীৰ সপোনৰ পুৰস্কাৰ গ্ৰহণৰ পৰা।

    অসমৰ বহু খেলুৱৈ উপেক্ষিত হ'ল মুখ্যমন্ত্ৰীৰ সপোনৰ পুৰস্কাৰ গ্ৰহণৰ পৰা।

    অসমৰ বহু খেলুৱৈ উপেক্ষিত হ'ল মুখ্যমন্ত্ৰীৰ সপোনৰ পুৰস্কাৰ গ্ৰহণৰ পৰা।

    • Share this:

    অসম চৰকাৰৰ ক্ৰীড়া পেন্সনৰ নামত চৰম অৰাজকতা। খৰধৰকৈ ক্ৰীড়া পেন্সন দিবলৈ গৈ শ'লঠেকত পৰিছে ক্ৰীড়া বিভাগ। ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগে নাজানে অৰ্জুন বঁটা বিজয়ী জয়ন্ত তালুকদাৰ, শিৱ থাপা, জয়দ্বীপ দাস, কল্পনা চৌধুৰীৰ সফলতাৰ কথা, যাৰ বাবে এচাম বিষয়াৰ গাফিলতিত দেশৰ বাবে সন্মান কঢ়িয়ায়ো আজি মান হেৰুৱালে অসমৰ কেইবাজনো গৌৰৱে।


    ২০১২ চনৰ লন্ডন অলিম্পিয়ান, আৰ্চাৰ, অৰ্জুন বঁটা বিজয়ী জয়ন্ত তালুকদাৰকো চিনি নাপালে অসম চৰকাৰৰ অধীনৰ বিয়াগোম ক্ৰীড়া বিভাগটোৱে। ২০০৬ চনৰ ডোহা, ২০১০ চনৰ গুৱাঞ্জাও আৰু ২০১৪ চনৰ ইনচিয়নত মুঠ তিনিবাৰ এছিয়ান গেমছত অংশ লৈ দুটাকৈ পদক পোৱা জয়ন্ত তালুকদাৰ হ'ল কমনৱেলথ গেমছত দুটাকৈ পদক পোৱা অসমৰ একমাত্ৰ খেলুৱৈ। বিশ্বকাপৰ স্বৰ্ণজয়ী আৰ্চাৰ জয়ন্ত তালুকদাৰক ৰাজ্য চৰকাৰে পুৰস্কাৰৰ বাবে বিবেচিত নকৰাত মনত দুখ অনুভৱ কৰিছে খেলুৱৈগৰাকীয়ে।


    চৰকাৰে শিৱ থাপা আৰু তেওঁৰ জ্যেষ্ঠ ভাতৃ নেচনেল গেমছৰ পদক বিজয়ী গোবিন্দ থাপাকো উপেক্ষা কৰিলে। ততাতৈয়াকৈ তালিকা প্ৰস্তুত কৰি অসমৰ সফল খেলুৱৈক বঞ্চিত কৰাত ক্ষোভ প্ৰকাশ কৰিছে ১৯৮২ চনৰ নতুন দিল্লী এছিয়ান গেমছৰ খেলুৱৈ তৈয়বুন নিছাই। আন্তঃৰাষ্ট্ৰীয় সফল মহিলা বক্সাৰ কল্পনা চৌধুৰীও উপেক্ষিত। নেচনেল গেমছত তিনিটা পদক আছে কল্পনা চৌধুৰীৰ। তাৰ পিছতো পুৰস্কাৰৰ বাবে আমন্ত্ৰিত নোহোৱাত আশ্চৰ্য প্ৰকাশ কৰিছে কল্পনা চৌধুৰীয়ে।


    জুনিয়ৰৰ পৰা ছিনিয়ৰলৈ ভাৰতীয় ফুটবলৰ মূল দলক প্ৰতিনিধিত্ব কৰা গুৱাহাটীৰ এলেন দেউৰীক চৰকাৰে নিদিয়ে একো সুবিধা। চাকৰি নথকাৰ পিছতো নেচনেল গেমছৰ গোল্ড মেডেলিষ্ট আন্তঃৰাষ্ট্ৰীয় সন্তৰণবিদ ফাৰিহা জামানে নাপালে ৰাজ্য চৰকাৰৰ পেন্সন। অৰ্জুন মনালিছা বৰুৱায়ো ৰাষ্ট্ৰীয় ক্ৰীড়াত স্বৰ্ণপদক পাইছে যদিও বিজ্ঞাপনত তেওঁক ব্ৰঞ্জৰ পদক বিজয়ী বুলি দেখুওৱা হৈছে। এয়া কেইটামান উদাহৰণহে।


    এনেধৰণে অসমৰ বহু খেলুৱৈ উপেক্ষিত হ'ল মুখ্যমন্ত্ৰীৰ সপোনৰ পুৰস্কাৰ গ্ৰহণৰ পৰা। বঞ্চিত খেলুৱৈসকলে তালিকা প্ৰস্তুত কৰা ক্ৰীড়া বিষয়াসকলকো ধিক্কাৰ দিছে। মুখ্যমন্ত্ৰীৰ সপোনৰ ক্ৰীড়া পেন্সনত খেলিমেলি কৰাসকলৰ শাস্তি হ'বনে বুলি প্ৰশ্ন কৰিছে সচেতন মহলে।

    Published by:Gautam Barman
    First published: