মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Assamese Weightlifter: ৯ আগষ্টৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ কিদৰে সাজু মৃদুস্মিতা, অনুশীলনৰ বাবে উন্নত ব্যায়ামাগাৰৰ অভাৱ

Assamese Weightlifter: ৯ আগষ্টৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ কিদৰে সাজু মৃদুস্মিতা, অনুশীলনৰ বাবে উন্নত ব্যায়ামাগাৰৰ অভাৱ

News18 Assam | News18-Assam
Updated:July 15, 2021, 7:25 PM IST
Assamese Weightlifter: ৯ আগষ্টৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ কিদৰে সাজু মৃদুস্মিতা, অনুশীলনৰ বাবে উন্নত ব্যায়ামাগাৰৰ অভাৱ
শিৱসাগৰৰ এখন দোকানত চেলছ গাৰ্ল ৰূপে কৰ্মৰত হৈ লাভ কৰা দৰমহাৰ ধনেৰে প্ৰশিক্ষণ তথা ব্যায়ামাগাৰৰ খৰচ উলিয়াইছিল।

শিৱসাগৰৰ এখন দোকানত চেলছ গাৰ্ল ৰূপে কৰ্মৰত হৈ লাভ কৰা দৰমহাৰ ধনেৰে প্ৰশিক্ষণ তথা ব্যায়ামাগাৰৰ খৰচ উলিয়াইছিল।

  • Share this:

মৰিয়নিৰ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভাৰোত্তোলক খেলুৱৈয়ে নিজৰ জীৱন সংগ্ৰাম চলাই যোৱাৰ লগতে লকডাউনৰ মাজতে নিজকে সাজু কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতাৰ বাবে। মৰিয়নিৰ নকছাৰী চুঙি লাহিং গাঁৱৰ ঘনশ্যাম বৰুৱা আৰু কবিতা বৰুৱাৰ জ্যেষ্ঠ কন্যা মৃদুস্মিতা বৰুৱা এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ। ২০১৪ চনৰ পৰা ভাৰোত্তোলন খেলৰ লগত জড়িত হৈ পৰা ২৮ বৰ্ষীয় মৃদুস্মিতাই ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তত আয়োজিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰি সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰি অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।


ইফালে চলিত বৰ্ষৰ অহা ৯ আগষ্টৰ পৰা পাঞ্জাবৰ পাতিয়ালাত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় ভাৰোত্তোলন প্ৰতিযোগিতাখনৰ বাবে ঘৰতে নিজা প্ৰচেষ্টাৰে সীমিত সা–সুবিধাৰে অনুশীলন চলাই গৈছে মৃদুস্মিতাই। কিন্তু লকডাউনৰ ফলত বৰ্তমান খেলুৱৈগৰাকী সঠিকভাৱে নিজক প্ৰতিযোগিতাখনলৈ সাজু কৰাত সন্মুখীন হৈছে ব্যাপক সমস্যাৰ।


৮৭ কেজি শাখাত খেলা প্ৰতিভাৱান খেলুৱৈগৰাকীক শাৰীৰিক অনুশীলনৰ বাবে উন্নত ব্যায়ামাগাৰৰ প্ৰয়োজন যদিও লকডাউন তথা আৰ্থিকভাৱে দুৰ্বল খেলুৱৈগৰাকীৰ বাবে সেয়া সম্ভৱ হৈ উঠা নাই। ফলত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনলৈ নিজক সাজু কৰাৰ ক্ষেত্ৰত এতিয়া বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে মৃদুস্মিতা। তাৰ মাজতো অকণো মনোবল নাভাঙি খেলুৱৈগৰাকীয়ে সীমিত সা–সুবিধাৰে চলাই গৈছে পূৰ্ণোদ্যমে অনুশীলন।



ঘৰতে অনুশীলনত ব্যস্ত থকা খেলুৱৈগৰাকীৰ পিতৃয়ে জীয়ৰীৰ সুবিধা হোৱাকৈ স্কটৰ বাবে প্ৰয়োজন হোৱা লোহাৰ ষ্টেণ্ডডাল বাঁহেৰে নিৰ্মাণ কৰি দিছে। উল্লেখ্য যে পূৰ্বে শিৱসাগৰৰ এখন দোকানত চেলছ গাৰ্ল ৰূপে কৰ্মৰত হৈ লাভ কৰা দৰমহাৰ ধনেৰে প্ৰশিক্ষণ তথা ব্যায়ামাগাৰৰ খৰচ উলিয়াইছিল যদিও লকডাউনৰ বাবে দোকানৰ চাকৰি এৰিব লগা হোৱাত এতিয়া নিজৰ ঘৰতে  সীমিত সুবিধাৰে অনুশীলন চলাবলগীয়া হৈছে বুলি দুখ প্ৰকাশ কৰে মৃদুস্মিতাই।


কৃষক পৰিয়ালৰ জীয়ৰী মৃদুস্মিতাই ঘৰুৱা বিভিন্ন কৰ্ম তথা কুঠাৰেৰে খৰি ফলা, বালি চলা, পথাৰত ভূই ৰোৱা, তাঁত বোৱা আদি কৰ্মৰ মাজতো কঠোৰ অনুশীলন চলাই গৈছে। আনহাতে স্নাতক ডিগ্ৰী সমাপ্ত কৰা মদুস্মিতাই চৰকাৰক এটা চাকৰিৰ ব্যৱস্থা কৰি দিলে অনাগত দিনত অসম তথা দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ব বুলি আত্মবিশ্বাসেৰে সাংবাদিকৰ আগত প্ৰকাশ কৰে।

Published by: Gautam Barman
First published: July 15, 2021, 7:24 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি