IPL 2021: অন্তিম বলত মৰিছক কিয় ষ্ট্ৰাইক নিদিলে ছেমছনে? ক’লে কুমাৰ ছাংগাকাৰাই
তেওঁ কয় যে সঞ্জুৱে মেচ শেষ কৰাৰ নিজৰ সিদ্ধান্ত অটল আছিল আৰু প্ৰায় এয়া শেষো কৰিছিল।
তেওঁ কয় যে সঞ্জুৱে মেচ শেষ কৰাৰ নিজৰ সিদ্ধান্ত অটল আছিল আৰু প্ৰায় এয়া শেষো কৰিছিল।
- News18 Assam
- Last Updated: April 13, 2021, 11:08 AM IST
তেওঁ কয় যে সঞ্জুৱে মেচ শেষ কৰাৰ নিজৰ সিদ্ধান্ত অটল আছিল আৰু প্ৰায় এয়া শেষো কৰিছিল। কিন্তু অন্তিম বলত ছিক্সাৰৰ বাবে কেৱল পাঁচ বা ছফুট বাকী আছিল। অন্যথা বল বাউণ্ডেৰী পাৰ হৈ গ’লহেঁতেন।
ৰাজস্থান দলৰ ক্ৰিকেট ডাইৰেক্টৰজনে কয় যে কেতিয়াবা কেতিয়াবা যেতিয়া আপুনি জানে যে আপুনি সুন্দৰভাৱে খেলি আছে, আপুনি ফৰ্মত আছে আৰু আপোনাৰ বিশ্বাস আছে যে আপুনি এয়া কৰিব পাৰিব, তেন্তে আপুনি সেই দায়িত্ব ল’বই লাগিব আৰু সঞ্জুৱে সেয়া কৰাটো সঁচাকৈ উৎসাহজনক আছিল। আমি প্ৰায়ে সৰু–সুৰা কথাক লৈ আলোচনা কৰো, কিন্তু মোৰ বাবে গুৰুত্বপূৰ্ণ কথা হ’ল খেলুৱৈৰ বিশ্বাস, দৃষ্টিকোণ আৰু সমৰ্পিত মনোভাৱ। কিয়নো তেওঁ জানে যে তেওঁৰ শক্তি কি?












