গুৱাহাটীত খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া মহোৎসৱৰ শুভাৰম্ভণি, ২০২৮ৰ অলিম্পকত ভাৰতক পদক তালিকাৰ শীৰ্ষ দহত ৰখাৰ লক্ষ্য

প্ৰথমবাৰৰ বাবে তৃতীয় খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া মহোৎসৱ অনুষ্টিত হ’ব গুৱাহাটীত। তাৰে বাবে প্ৰস্তুতি আৰম্ভ কৰিছে ৰাজ্য চৰকাৰ আৰু ক্ৰীড়া বিভাগে।
প্ৰথমবাৰৰ বাবে তৃতীয় খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া মহোৎসৱ অনুষ্টিত হ’ব গুৱাহাটীত। তাৰে বাবে প্ৰস্তুতি আৰম্ভ কৰিছে ৰাজ্য চৰকাৰ আৰু ক্ৰীড়া বিভাগে।
- News18 Assam
- Last Updated: December 1, 2019, 10:12 AM IST
২০২০ বৰ্ষৰ ১০ ৰ পৰা ২২ জানুৱাৰীলৈ হ’বলগীয়া চেম্পিয়নশ্বিপখনৰ শনিবাৰে সৰুসজাই কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ প্ৰেক্ষাগৃহত শুভাৰম্ভণি ঘটোৱা এই গেমছৰ। শুভাৰম্ভণি অনুষ্ঠানত খেলো ইণ্ডিয়াৰ থিম ছঙৰ লগতে ল'গ’, জাৰ্ছী আৰু মেচকট মুকলি কৰা হয়।
এই অনুষ্টানত উপষ্টিত থাকে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজু, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, এছিয়ান গেমছত পদক বিজয়ী হীমা দাস, স্বপ্না দেৱবৰ্মন, বক্সাৰ লাভলীনা বৰগোঁহাইৰ লগতে ক্ৰীড়া বিভাগ আৰু ৰাজ্য চৰকাৰৰ কেইবাজনো শীৰ্ষ বিষয়ববীয়া।

খেলো ইণ্ডিয়া মেচকটত থাকিব জয়া আৰু বিজয়। জয়া হৈছে হৰিণ আৰু বিজয় হৈছে বেংগল টাইগাৰ। লগতে প্ৰতীক চিহ্নত আছে বিহু, গঁড়, ৰংঘৰ আৰু লাচিত। থিম ছং পৰিৱেশন কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে। মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰীৰ লগতে তিনি খেলুৱৈয়ে মুকলি কৰে খেলো ইণ্ডিয়াৰ জাৰ্ছী।
গুৱাহাটীত হ’বলগীয়া তৃতীয় সংস্কৰণৰ খেলো ইণ্ডিয়াত ৩৬খন ৰাজ্যৰ ৮০০০ হাজাৰ খেলুৱৈ আৰু ২০০০ কৰ্মকৰ্তাই অংশগ্ৰহণ কৰিব। ২০টা ইভেণ্টৰ খেলৰ ভিতৰত পদক লাভ কৰা খেলুৱৈক নগদ ধনেৰে পুৰস্কৃত কৰিব ৰাজ্য চৰকাৰে। সেই অনুসৰি, স্বৰ্ণ লাভ কৰা খেলুৱৈয়ে এক লাখ টকা, ৰূপ লাভ কৰা খেলুৱৈয়ে ৭৫ হাজাৰ আৰু ব্ৰঞ্জ লাভ কৰিলে ৫০ হাজাৰ টকাৰে পুৰস্কৃত কৰিব ৰাজ্য চৰকাৰে।

NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।