খেলো ইণ্ডিয়াৰ আঁৰৰ আপুনি নজনা কিছুমান কথা...

News18 Assam | News18-Assam
Updated:January 22, 2020, 5:31 PM IST
খেলো ইণ্ডিয়াৰ আঁৰৰ আপুনি নজনা কিছুমান কথা...
বিগত দুটা মাহ ধৰি খেলো ইণ্ডিয়া সফল কৰিবলৈ ভাৰতৰ ভিন্ন ৰাজ্যৰ ৩৮৮জন বিষয়া জড়িত হৈ থকাৰ বিপৰীতে ২০০জন বিষয়া জড়িত হৈ আছিল অসমৰ৷ 

বিগত দুটা মাহ ধৰি খেলো ইণ্ডিয়া সফল কৰিবলৈ ভাৰতৰ ভিন্ন ৰাজ্যৰ ৩৮৮জন বিষয়া জড়িত হৈ থকাৰ বিপৰীতে ২০০জন বিষয়া জড়িত হৈ আছিল অসমৰ৷ 

  • Share this:
গুৱাহাটীত সফলভাৱে সামৰণি পৰিল তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেমছৰ। আজি সন্ধিয়া অনুষ্ঠিত হ’ব সামৰণি অনুষ্ঠান। খেলো ইণ্ডিয়াৰ বৃহৎ সংস্কৰণটোত ৫৮৮জন বিষয়া জড়িত হৈ আছিল খেলুৱৈ, ক্ৰীড়া বিষয়া তথা অন্যান্য VIP, VVIP, অভ্যাগতৰ আহাৰ, পৰিৱহণ, থকা আদিৰ ব্যৱস্থাপনাত৷ বিগত দুটা মাহ ধৰি খেলো ইণ্ডিয়া সফল কৰিবলৈ ভাৰতৰ ভিন্ন ৰাজ্যৰ ৩৮৮জন বিষয়া জড়িত হৈ থকাৰ বিপৰীতে ২০০জন বিষয়া জড়িত হৈ আছিল অসমৰ৷

সকলো সেৱা একেলগে আগবঢ়োৱাত ভাৰতৰ সৰ্ববৃহৎ কোম্পানী BVG INDIA LIMITED-এ ৩৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ  ৬,৫৮০গৰাকী খেলুৱৈ, ১১০০ কাৰিকৰী বিষয়া, ১৮০০ ছাপ’ৰ্ট ষ্টাফ আৰু অন্যান্য অভ্যাগতক অহাৰ পৰা যোৱালৈকে থকা খোৱাৰ সুব্যৱস্থা  কৰাত হ'ল সফল৷

১৩দিনীয়া খেলো ইণ্ডিয়াত খেলুৱৈৰ লগতে আন বিষয়ববীয়াই যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে ব্যৱহৃত হ'ল ৭০০খনকৈ সৰু-বৰ বাহন৷ প্ৰায় ১৬০খন হোটেলত থকাৰ ব্যৱস্থা আছিল খেলো ইণ্ডিয়াৰ খেলুৱৈ তথা অভ্যাগতৰ বাবে৷ প্ৰতিদিনে ৭,৫০০ৰ পৰা ১১,০০০ লোকৰ খোৱাৰ ব্যৱস্থা আছিল খেলো ইণ্ডিয়াত৷ প্ৰতিদিনে প্ৰায় ৪৫০ লিটাৰ গাখীৰ, ১৪০০কেজি কুকুৰা মাংস, ৮০০ কেজি মাছ, ৭০০ কেজি চাউল, ৩০০০টা কণী, ২০ হাজাৰটা ফল, ২৭৫ কেজি পণীৰৰ৷ একপ্ৰকাৰ সকলো দিশৰ পৰাই সফল গুৱাহাটীত অনুষ্ঠিত হোৱা খেলো ইণ্ডিয়া।
Published by: Sanjay Kumar Das
First published: January 22, 2020, 5:20 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading