সকলো জল্পনা কল্পনাৰ অৱসান ঘটাই অৱশেষত চুড়ান্ত হ’ল ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক। ৰবি শাস্ত্ৰীয়েই হৈ থাকিব ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক। BCCI ৰ মুখ্য কাৰ্যালয়ত এই ঘোষণা কৰিলে কপিল দেৱে। ক্ৰিকেট এডভাইছৰী কমিটিয়ে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি এই ঘোষণা কৰে কপিল দেৱে। প্ৰশিক্ষকৰ পদৰ বাবে চুড়ান্ত তালিকাত থকা ৬ জনৰ পৰা পুনৰ ৰবী শাস্ত্ৰীক বাছনি কৰা হয়।
কপিল দেৱৰ নেতৃত্বত ক্ৰিকেট এডভাইজৰী কমিটীয়ে গ্ৰহণ কৰিছিল প্ৰশিক্ষক পদৰ বাবে সাক্ষাত্কাৰ। কমিটীৰ আন সদস্যসকলৰ ভিতৰত আছিল প্ৰাক্তন ক্ৰিকেটাৰ অংশুমান গায়কোৱাড় আৰু মহিলা ক্ৰিকেট প্ৰাক্তন দলৰ অধিনায়ক শান্তা ৰংগাস্বামী। মুখ্য প্ৰশিক্ষকৰ পদৰ দৌৰত আছিল বৰ্তমানৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰী, ৰবিন সিং, লালচান্দ ৰাজপুত, মাইক হেছন, টম মুদী আৰু ফিল ছাইমণ্ডছ।
মুম্বাইত অনুষ্ঠিত হোৱা সাক্ষাৎকাৰত প্ৰথমে ক্ৰিকেট এডভাইজৰী কমিটীৰ মুখামুখি হয় ৰবিন সিং। ৰবিন সিং ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ দল মুম্বাই ইণ্ডিয়ান্ছৰ প্ৰশিক্ষক। লগতে ছাপ'ৰ্ট ষ্টাফৰ নামো আজি ঘোষণা কৰিব বিচিচিআইয়ে।
বিচিচিআইৰ নিয়ম অনুসৰি, প্ৰশিক্ষক বাছনিৰ বাবে ন্যূনতম ৩০খন টেষ্ট আৰু ৫০খন এদিনীয়া খেলিব লাগে। কিন্তু মাইক হেছনৰ ক্ষেত্ৰত এই নিয়ম কাৰ্যকৰী কৰা হোৱা নাই। হেছনে কেতিয়াও আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলা নাই, কিন্তু তেওঁ নিউজীলেণ্ড ক্ৰিকেট দলৰ কেইবাটাও গুৰুত্বপূৰ্ণ সফলতাত তেওঁৰ অৱদান আছে। এইক্ষেত্ৰত বিচিচিআইৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে ‘তেওঁৰ ক্ষেত্ৰত এই নিয়ম এইবাবেই কাৰ্যকৰী হোৱা নাই কাৰণ আমি এই পদৰ বাবে অভিজ্ঞতাকহে অগ্ৰাধিকাৰ দিওঁ।’
ইফালে, লালচান্দ ৰাজপুতে দুখন টেষ্ট আৰু চাৰিখন এদিনীয়া খেলিছে। কিন্তু তেওঁ ২০০৭ চনত টি২০ বিশ্বকাপ জয়ী ভাৰতীয় দলৰ অংশ আছিল। এই পদৰ বাবে ৬ গৰাকী দাবীদাৰৰ ভিতৰত তিনিগৰাকী বিদেশী প্ৰশিক্ষক। ডাংকান ফ্লেচাৰৰ বিদায়ৰ পিছত বিচিচিআয়ে কোনো বিদেশী খেলুৱৈক ভাৰতীয় দলৰ প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া নাই।
টীম ইণ্ডিয়াৰ বৰ্তমানৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰী দলৰ সৈতে ৱেষ্ট ইণ্ডিজ ভ্ৰমণত আছে। সেয়েহে ৰবি শাস্ত্ৰীৰ সাক্ষাৎকাৰ সকলোতকৈ শেষত লোৱা হ'ব। স্কাইপৰ জৰিয়তেও লোৱা হ'ব পাৰে শাস্ত্ৰীৰ সাক্ষাৎকাৰ। ৰবি শাস্ত্ৰীয়ে ভাৰতৰ হৈ খেলিছে ৮০খন টেষ্ট আৰু ১৫০খন এদিনীয়া।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|