অলিম্পিকত স্বৰ্ণ জয়ৰ সপোন দেখা যিমান সহজ, সপোন বাস্তৱ কৰা সিমান কঠিন : মেৰীকম

এতিয়া সমগ্ৰ দেশবাসীয়েই আশা কৰিছে আগন্তুক অলিম্পিকত দেশৰ আগশাৰীৰ বক্সাৰ মেৰীকমে স্বৰ্ণ জয় কৰাৰ!

News18-Assam
Updated:August 2, 2019, 6:35 PM IST
অলিম্পিকত স্বৰ্ণ জয়ৰ সপোন দেখা যিমান সহজ, সপোন বাস্তৱ কৰা সিমান কঠিন : মেৰীকম
Source-Google
News18-Assam
Updated: August 2, 2019, 6:35 PM IST
এতিয়া সমগ্ৰ দেশবাসীয়েই আশা কৰি আছে আগন্তুক অলিম্পিকত দেশৰ আগশাৰীৰ বক্সাৰ মেৰীকমে স্বৰ্ণ জয় কৰাৰ! মেৰিকমেও অলপম্পিকত স্বৰ্ণজয়ৰ বাবে এতিয়াৰ পৰাই আৰম্ভ কৰিছে কঠোৰ অনুশীলন। সেইসময়তে মেগনিফিছেণ্ট মেৰীকমে প্ৰকাশ কৰিছে মনৰ কথা। মেৰীকমৰ মতে ‘আগন্তুক অলিম্পক মোৰ পৰা দেশবাসীয়ে স্বৰ্ণ জয় কৰাৰ যি আশা দেখিছে সেয়া সহজ কিন্তু সাৰ্থক ৰূপ দিয়াটো সহজ নহয়। ’ ছয়বাৰৰ বিশ্ব চেম্পিয়ন বক্সাৰ তথা সদ্য সমাপ্ত প্ৰেছিডেণ্টছ কাপত স্বৰ্ণ জয় কৰা মেৰীকমৰ এই মন্তব্যকলৈ এতিয়া সমগ্ৰ দেশজুৰি চলিছে ব্যাপক চৰ্চা।

source-Google


ছবাৰৰ বিশ্ব চেম্পিয়ন বক্সাৰগৰাকীয়ে লগতে কয় যে ‘দেশবাসীয়ে আশা কৰা স্বৰ্ণ পদক অৰ্জনৰ বাবে মই চেষ্টা চলাম।  আগন্তুক অলিম্পিকত দেশবাসীয়ে মোৰ পৰা ইমান খিনি আসা কৰিছে, যাৰ বাবে মই গৌৰৱ অনুভৱ কৰিছো। এনেধৰণৰ আশা কৰাটো দেশবাসীৰ বাবে সহজ কিন্তু বাস্তৱত সপোন সাৰ্থক কৰাতো ইমান সহজ নহয়। দেশবাসীৰ আশা পূৰ্ণ কৰাৰ বাবে মই সম্পূৰ্ণ চেষ্টা কৰিম’। এই মন্তব্য মেৰীকমৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি