உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত উপস্থিত হ’ব ৰাজস্থান ৰয়েলছ দল, IPLৰ প্ৰস্তুতি তুংগত

    ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত উপস্থিত হ’ব ৰাজস্থান ৰয়েলছ দল, IPLৰ প্ৰস্তুতি তুংগত

    গুৱাহাটীত হ’বলগীয়া মেচ দুখনৰ বাবে মাৰ্চ মাহৰ প্ৰথম সপ্তাহৰ পৰা অনলাইনত টিকট মুকলি কৰিব আই পি এলৰ উদ্যোগতাই।

    গুৱাহাটীত হ’বলগীয়া মেচ দুখনৰ বাবে মাৰ্চ মাহৰ প্ৰথম সপ্তাহৰ পৰা অনলাইনত টিকট মুকলি কৰিব আই পি এলৰ উদ্যোগতাই।

    গুৱাহাটীত হ’বলগীয়া মেচ দুখনৰ বাবে মাৰ্চ মাহৰ প্ৰথম সপ্তাহৰ পৰা অনলাইনত টিকট মুকলি কৰিব আই পি এলৰ উদ্যোগতাই।

    • Share this:
    আই পি এল টি-২০ ক্ৰিকেটৰ ত্ৰয়োদশ সংস্কৰণৰ বাবে সাজু হৈছে ভাৰতীয় ক্ৰিকেট ব’ৰ্ড আৰু আই এম জি গ্ৰুপ। ২৯ মাৰ্চৰ পৰা চলিবলগীয়া আই পি এলৰ ৫ আৰু ৯ এপ্ৰিলৰ  দুখনকৈ মেচ অনুষ্টিত হ’ব গুৱাহাটী বৰ্ষাপাৰা ষ্টেডিয়ামত। য’ত ৰাজস্থান ৰয়েলছে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব কলকাতা নাইট ৰাইডাৰ্ছ আৰু দিল্লী কেপিটেলৰ বিৰুদ্ধে। খেলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে অসম ক্ৰিকেট সন্থাৰ লগতে ৰাজস্থান ৰয়লছে।

    চলিত ছিজনৰ আই পি এল টি–২০ৰ প্ৰথমটো অনুশীলন কেম্পৰ বাবে ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীলৈ আহিব ৰাজস্থান ৰয়েলছ দলটো। দুই–এজন বিদেশী খেলুৱৈৰ বাহিৰে সকলো খেলুৱৈ অহাৰ কথা ইতিমধ্যে প্ৰকাশ কৰিছে অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিত লন শইকীয়াই। দলটোৱে ২৭ৰ পৰা ২৯ ফেব্ৰুৱাৰীলৈ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুশীলন কৰিব।

    গুৱাহাটীত হ’বলগীয়া মেচ দুখনৰ বাবে মাৰ্চ মাহৰ প্ৰথম সপ্তাহৰ পৰা অনলাইনত টিকট মুকলি কৰিব আই পি এলৰ উদ্যোগতাই। ইয়াৰ উপৰি ১ মাৰ্চৰ পৰা বৰ্ষাপাৰা ষ্টেডিয়ামত অস্থায়ীভাৱে  কাৰ্যালয় স্থাপন কৰিব ৰাজস্থান ৰয়েলছে। এ চি এৰ বিষয় ববীয়াই মেচ দুখনৰ নিৰাপত্তাক লৈ মহানগৰ আৰক্ষীৰ সৈতে মিলিত হৈছে আলোচনাত।

    আনহাতে ৰাজস্থান উচ্চ ন্যায়ালয়ত মেচ দুখন গুৱাহাটীত হোৱাক লৈ গোচৰ চলি থকা সম্পৰ্কত এ চি এৰ  সম্পাদকে কয় যে ‘আইনী যুজঁ চলি থাকিলেও গুৱাহাটীত আই পি এল খেলক লৈ কোনো অসুবিধাৰ সন্মুখীন নহয়।’ দেওবাৰে আই পি এলৰ অন্তঃগাঁথনিক লৈ বৰ্ষাপাৰা ষ্টেডিয়াম পৰিদৰ্শন কৰে আই পি এলৰ মুখ্য পৰিচালন বিষয়া হেমাংগ আমিন আৰু আই এম পি গ্ৰুপৰ সদস্য‌ই।
    Published by:Sanjay Kumar Das
    First published: