ৰাজস্থান ৰয়েলছৰ কাৰণে 'খলনায়ক' হ’ল বৰষুণ, বাংগালুৰুৰ বিৰুদ্ধে মেচ বাতিল

আইপিএলৰ পৰা বাহিৰ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু, প্লে অ’ফলৈ যোৱাটো ৰাজস্থান ৰয়েলছৰ কাৰণেও কষ্টসাধ্য।

news18
Updated:May 1, 2019, 8:26 AM IST
ৰাজস্থান ৰয়েলছৰ কাৰণে 'খলনায়ক' হ’ল বৰষুণ, বাংগালুৰুৰ বিৰুদ্ধে মেচ বাতিল
আইপিএলৰ পৰা বাহিৰ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু, প্লে অ’ফলৈ যোৱাটো ৰাজস্থান ৰয়েলছৰ কাৰণেও কষ্টসাধ্য।
news18
Updated: May 1, 2019, 8:26 AM IST
বৰষুণৰ কাৰণে বাতিল হ’ল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু আৰু ৰাজস্থান ৰয়েলছৰ মাজৰ মেচ। টছ কৰাৰ পিছৰে পৰা বৰষুণ দিবলৈ ধৰে আৰু ইয়াৰ মাজতে টছত জিকি ৰাজস্থান ৰয়েলছে ফিল্ডিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। কিন্তু তেতিয়াই বৰষুণ দিবলৈ ধৰে। ইয়াৰ পিছত পুনৰ নিশা ১১বাজি ২৬মিনিটত খেল আৰম্ভ হয় আৰু খেল ৫–৫অভাৰৰ কৰি দিয়া হয়। বাংগালুৰুৱে ৫অভাৰত সাত উইকেটত ৬২ৰাণ সংগ্ৰহ কৰে আৰু ইয়াৰ প্ৰত্যুত্তৰত ৰাজস্থান টীমে ৩.২অভাৰত এটা উইকেটত ৪১ ৰাণ সংগ্ৰহ কৰিছিল। কিন্তু বিজয়ৰ পৰা মাত্ৰ ২২ৰাণ দূৰৈত থাকোতেই পুণৰ বৰষুণ দিবলৈ আৰম্ভ কৰে আৰু আম্পায়ৰে খেল বাতিলৰ ঘোষণা কৰে। দুয়োটা দলৰ মাজত মেচ পইণ্ট সমানে ভগাই দিয়াৰ পিছত RCB আইপিএলৰ পৰা আনুষ্ঠানিকভাৱে বাহিৰ হয়। ৰিয়ানৰ দুৰ্দান্ত প্ৰদৰ্শনেৰে শেহতীয়া মেচত জয়লাভ কৰা ৰাজস্থান ৰয়েলছৰ ক্ষেত্ৰতো প্লে অফ অসাধ্য হৈ আছে।
আৰু চাওক পৰৱৰ্তী বাতৰি