ৰাজস্থান ৰয়েলছ দলত স্থান হেৰুৱালে ৰিয়ান পৰাগে

News18 Assam | News18-Assam
Updated:October 7, 2020, 2:18 PM IST
ৰাজস্থান ৰয়েলছ দলত স্থান হেৰুৱালে ৰিয়ান পৰাগে
প্ৰতিভাবান অলৰাউণ্ডাৰগৰকীয়ে চলিত বৰ্ষৰ আই পি এলত ০৬, ০০, ০১, ১৬ ৰানৰ দুৰ্বল প্ৰদৰ্শন দেখুৱাইছিল।

প্ৰতিভাবান অলৰাউণ্ডাৰগৰকীয়ে চলিত বৰ্ষৰ আই পি এলত ০৬, ০০, ০১, ১৬ ৰানৰ দুৰ্বল প্ৰদৰ্শন দেখুৱাইছিল।

  • Share this:
ইউনাইটেড আৰৱ এমিৰেটছত চলি থকা ত্ৰয়োদশ বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এলত আছে অসমৰ একমাত্ৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগ। অসমৰ ৰিয়ান পৰাগে প্ৰথম চাৰিখন খেলত আশা কৰা ধৰণে প্ৰদৰ্শন কৰিব নোৱাৰাৰ বাবে মুম্বাই ইণ্ডিয়ানছ বিৰুদ্ধে খেলত ৰাজস্থান ৰয়েলছ দলত স্থান হেৰুৱাইছে।

প্ৰতিভাবান অলৰাউণ্ডাৰগৰকীয়ে চলিত বৰ্ষৰ আই পি এলত ০৬, ০০, ০১, ১৬ ৰানৰ দুৰ্বল প্ৰদৰ্শন দেখুৱাইছিল। সেয়ে পঞ্চমখন খেলত দলৰ মূল একাদশৰ পৰা ড্ৰপ হ’ল অসমৰ ৰিয়ান পৰাগ।

উল্লেখযোগ্য যে ২০১৯ চনৰ আই পি এলৰ ৭খন খেলত অংশ লৈ সুন্দৰ খেল প্ৰদৰ্শন কৰিছিল ৰিয়ানে। কিন্তু তাৰ বিপৰীতে চলিত আই পি এলত এই পৰ্যন্ত উন্নত প্ৰদৰ্শন দেখুৱাব পৰা নাই। আশা কৰা হৈছে নেটত উন্নত প্ৰদৰ্শনেৰে পুনৰ ৰাজস্থান ৰয়েলছ দলৰ মূল একাদশত স্থান লাভ কৰিব।
Published by: Sanjay Kumar Das
First published: October 7, 2020, 2:18 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading