আজিৰে পৰা আৰম্ভ হ’ব IPL 2021, উদ্বোধনী মেচত মুখামুখি হ’ব মুম্বাই ইণ্ডিয়ানছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু

News18 Assam | News18-Assam
Updated:April 9, 2021, 11:26 AM IST
আজিৰে পৰা আৰম্ভ হ’ব IPL 2021, উদ্বোধনী মেচত মুখামুখি হ’ব মুম্বাই ইণ্ডিয়ানছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু
কোৰোণা ভাইৰাছৰ বাবে ষ্টেডিয়ামত দৰ্শকৰ প্ৰৱেশৰ অনুমতি নাথাকিব।

কোৰোণা ভাইৰাছৰ বাবে ষ্টেডিয়ামত দৰ্শকৰ প্ৰৱেশৰ অনুমতি নাথাকিব।

  • Share this:
ইণ্ডিয়ান প্ৰিমিাৰ লীগৰ ১৪ সংস্কৰণ (IPL 2021) আজিৰে পৰা অৰ্থাৎ ৯ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব। টুৰ্ণামেণ্টখনৰ উদ্বোধনী খেলখনত মুখামুখি হ’ব ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ (Mumbai Indians) আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (Royal Challengers Bangalore)। এই মেচখন চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত ভাৰতীয় সময় অনুসৰি ৭.৩০ বজাত আৰম্ভ হ’ব। ৰোহিত শৰ্মা (Rohit Sharma) নেতৃত্বাধীন মুম্বাই ইণ্ডিয়ানছে এতিয়ালৈ ৫বাৰ আইপিএৰ খিতাপ দখল কৰিছে। আনহাে, বিৰাট কোহলী (Virat Kohli) নেতৃত্বাধীন আৰচিবিয়ে প্ৰথমটো খিতাপৰ অপেক্ষাত আছে। কোৰোণা ভাইৰাছৰ বাবে ষ্টেডিয়ামত দৰ্শকৰ প্ৰৱেশৰ অনুমতি নাথাকিব।

কোৰোণা ভাইৰাছৰ বাবে আইপিএল ২০২১ৰ সকলো খেল ভাৰতৰ কেৱল ৬খন চহৰত অনুষ্ঠিত হ’ব। দিল্লী, মুম্বাই, কলকাতা, চেন্নাই, বেংগালুৰু আৰু হায়দৰাবাদত অনুষ্ঠিত হ’ব খেলসমূহ। এই টুৰ্ণামেণ্টৰ ফাইনেল মেচ ৩০ মে’ত অনুষ্ঠিত হ’ব।
Published by: Sanjay Kumar Das
First published: April 9, 2021, 11:26 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি