চেন্নাই ছুপাৰ কিংছে আই পি এল-২০২১ (IPL 2021)ৰ দ্বিতীয় পৰ্যায়ৰ খেলত জয় সাব্যস্ত কৰিছে। আজি মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলা মেচত জয় লাভ কৰে দলটোৱে। ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত মুম্বাই ইণ্ডিয়ানছক ২০ ৰানত পৰাস্ত কৰে চেন্নায়ে।
চেন্নাইৰ বিজয়ৰ নায়ক ঋতুৰাজ গায়কৱাডে কঠিন সময়ত অপৰাজিত ৮৮ ৰান কৰি চেন্নাইক ২০ অভাৰত ৬টা উইকেটৰ বিনিময়ত ১৫৬ ৰানলৈ লৈ যায়। মুম্বাইক জিকিবলৈ ১৫৭ ৰানৰ প্ৰয়োজন আছিল যদিও নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মা আৰু হাৰ্দিক পাণ্ডিয়া অবিহনে দলটোৱে গোটেই ২০ অভাৰ খেলি আঠটা উইকেট হেৰুৱাই ১৩৬ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়।
চিএছকেৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। দলটোৱে এটা দুৰ্বল আৰম্ভণি কৰিও অপেনাৰ গায়কৱাডে মৰা নটা চাৰি আৰু চাৰিটা ছয়ৰ সহায়ত ৫৮টা বলত ৮৮ ৰান সংগ্ৰহ কৰে আৰু দলৰ স্ক'ৰ কৰে ১৫৬ ৰান।
মুম্বাইৰ বাবে এই লক্ষ্য সহজ আছিল যদিও কুইনটন ডিককৰ ১২টা বলত ১৭ ৰান, আনমোলপ্ৰীত সিঙৰ ১৬ ৰান, সূৰ্যকুমাৰ যাদৱৰ ৩ ৰান, ঈশান কিষাণৰ ১১ ৰান, প'লাৰ্ডৰ ১৫ ৰান আৰু সৌৰভ তিৱাৰীৰ অপৰাজিত ৫০ ৰানে দলটোক বিজয় প্ৰদান কৰিবলৈ সফল নহ'ল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|