IPL–2020: No Ball পৰীক্ষা কৰিবলৈ থাকিব এগৰাকী বিশেষজ্ঞ আম্পায়াৰ!

‘IPL 2020’ৰ ছিজনত এইবাৰ প্ৰৱৰ্তন কৰা হ’ব বহু কেইটা নতুন নিয়ম

News18-Assam
Updated:November 6, 2019, 5:20 PM IST
IPL–2020: No Ball পৰীক্ষা কৰিবলৈ থাকিব এগৰাকী বিশেষজ্ঞ আম্পায়াৰ!
Source-Google
News18-Assam
Updated: November 6, 2019, 5:20 PM IST
‘IPL 2020’ৰ ছিজনত এইবাৰ প্ৰৱৰ্তন কৰা হ’ব বহু কেইটা নতুন নিয়ম। ভাৰতীয় ক্ৰিকেট কণ্ট্ৰ’ল বৰ্ড চমুকৈ BCCIএ ইতিমধ্যে এই বিষয়ত চিন্তা–চৰ্চা আৰম্ভ কৰিছে। প্ৰতিবছৰে No Ball ক কেন্দ্ৰ কৰি বিতৰ্ক হোৱা দেখা যায়। বিগত বৰ্ষত এটা No ball ক কেন্দ্ৰ কৰি মহেন্দ্ৰ সিং ধোনীয়ে বিনা অনুমতিত খেলপথাৰত প্ৰৱেশ কৰি বিতৰ্কৰ সূচনা কৰিছিল। ইয়াৰ উপৰিও বিগত বৰ্ষত বহু কেইখন খেলত No Ballক কেন্দ্ৰ কৰি খেলুৱৈ আৰু আম্পায়াৰ তৰ্কত লিপ্ত হোৱাৰ বহু উদাহৰণ আছে। গতিকে এনে ধৰণৰ আঁসোৱাহ সমূহ দূৰ কৰিবলৈ আগন্তুক IPL ৰ ছিজনত কেৱল No Ball পৰীক্ষা কৰিবলৈ ফৰ্থ আম্পায়াৰৰ লগতে থাকিব অন্য এগৰাকী বিশেষজ্ঞ আম্পায়াৰ!
আৰু চাওক পৰৱৰ্তী বাতৰি