এছিয়াৰ শ্ৰেষ্ঠ খেলুৱৈ স্বপ্নাৰ লক্ষ্য ২০২০ টকিঅ অলিম্পিক!

News18 ৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত বহু কথা কলে স্বপ্নাই!

News18-Assam
Updated:September 21, 2019, 7:58 PM IST
এছিয়াৰ শ্ৰেষ্ঠ খেলুৱৈ স্বপ্নাৰ লক্ষ্য ২০২০ টকিঅ অলিম্পিক!
News18 ৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত বহু কথা কলে স্বপ্নাই!
News18-Assam
Updated: September 21, 2019, 7:58 PM IST
বিপুল বৰ্মন: বংগৰ সোনালী কন্যা স্বপ্না বৰ্মন। স্বপ্নাৰ দুচকুত এতিয়া অলিম্পিকৰ সপোন। অতি কঠিন heptathlon ইভেন্টৰ এছিয়াৰ শ্ৰেষ্ঠ খেলুৱৈ স্বপ্না বৰ্মন সম্প্ৰতি ব্যস্ত গুৱাহাটীৰ অনুশীলনত। শৈশৱতে দৰিদ্ৰতাৰ সৈতে যুঁজি  এসাজ খাই এসাজ লোঘনে থাকি খেলা স্বপ্না আজি এছিয়াৰ সম্পদ, দেশৰ গৌৰৱ।

১৯৯৬ চলৰ ২৯ অক্টোৱৰত জলপাইগুৰিৰ ঘোষপাৰাত জম্মলাভ কৰা স্বপ্নাই এইপৰ্য্যন্ত দুবাৰ এছিয়ান গেমছ খেলি দুয়োবাৰেই দেখুৱাইছে নিজৰ বিৰত্ব। ২০১৪ চনৰ এছিয়ান গেমছত পঞ্চম স্থান লাভ কৰা স্বপ্নাই ২০১৮ চনৰ জাকাৰ্তা এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰে।



সাতটা ইভেন্ট সাঙুৰি হয় কঠিন heptatlon ইভেন্টত বেমাৰৰ গাৰে খেলিও স্বপ্নাই জাকাৰ্তাত দেশ জয় কৰিবলৈ সক্ষম হৈছিল। এছিয়ান গেমছৰ স্বৰ্ণপদক আৰু এছিয়ান চেম্পিয়নশ্বীপৰ শ্ৰেষ্ঠত্বৰ সম্মান অৰ্জন কৰা স্বপ্নাৰ লক্ষ্য এতিয়া ২০২০ টকিঅ অলিম্পিক গেমছ। আন্তঃৰাষ্ট্ৰীয় ইভেন্টৰ দুৰ্দান্ত প্ৰদৰ্শনৰ বাবে স্বপ্নাই চলিত বৰ্ষত অৰ্জুন বটাও লাভ কৰে। স্বপ্নাই টকিঅ অলিম্পিক গেমছত সফল হওক। নিউজ১৮ৰ তৰফৰ পৰা স্বপ্নালৈ জনালো অলেখ শুভকামনা।
আৰু চাওক পৰৱৰ্তী বাতৰি