কোন হ’ব ভাৰতীয় ক্ৰিকেট দলৰ নতুন প্ৰশিক্ষক, আজি সন্ধিয়া হ’ব ঘোষণা

মুখ্য প্ৰশিক্ষকৰ পদৰ দৌৰত আছে বৰ্তমানৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰী, ৰবিন সিং, লালচান্দ ৰাজপুত, মাইক হেছন, টম মুদী আৰু ফিল ছাইমণ্ডছ।

News18-Assam
Updated:August 16, 2019, 1:56 PM IST
কোন হ’ব ভাৰতীয় ক্ৰিকেট দলৰ নতুন প্ৰশিক্ষক, আজি সন্ধিয়া হ’ব ঘোষণা
মুখ্য প্ৰশিক্ষকৰ পদৰ দৌৰত আছে বৰ্তমানৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰী, ৰবিন সিং, লালচান্দ ৰাজপুত, মাইক হেছন, টম মুদী আৰু ফিল ছাইমণ্ডছ।
News18-Assam
Updated: August 16, 2019, 1:56 PM IST
আজি সন্ধিয়া ঘোষণা কৰা হ’ব ভাৰতীয় ক্ৰিকেট দলৰ নতুন প্ৰশিক্ষকৰ নাম। দলৰ মুখ্য প্ৰশিক্ষকৰ বাবে আৰম্ভ হৈছে সাক্ষাৎকাৰ। কপিল দেৱৰ নেতৃত্বত ক্ৰিকেট এডভাইজৰী কমিটীয়ে গ্ৰহণ কৰিছে সাক্ষাত্‍কাৰ। কমিটীৰ আন সদস্যসকলৰ ভিতৰত আছে প্ৰাক্তন ক্ৰিকেটাৰ অংশুমান গায়কোৱাড় আৰু মহিলা ক্ৰিকেট প্ৰাক্তন দলৰ অধিনায়ক শান্তা ৰংগাস্বামী। মুখ্য প্ৰশিক্ষকৰ পদৰ দৌৰত আছে বৰ্তমানৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰী, ৰবিন সিং, লালচান্দ ৰাজপুত, মাইক হেছন, টম মুদী আৰু ফিল ছাইমণ্ডছ।

মুম্বাইত অনুষ্ঠিত হোৱা সাক্ষাৎকাৰত প্ৰথমে ক্ৰিকেট এডভাইজৰী কমিটীৰ মুখামুখি হয় ৰবিন সিং। ৰবিন সিং ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ দল মুম্বাই ইণ্ডিয়ান্ছৰ প্ৰশিক্ষক। লগতে ছাপ’ৰ্ট ষ্টাফৰ নাম আজি ঘোষণা কৰা হ’ব। ছাপ’ৰ্ট ষ্টাফৰ বাবে মুখ্য বাছনিকৰ্তা এম এছ কে প্ৰসাদে সাক্ষাৎকাৰ গ্ৰহণ কৰিছে। বিচিচিআইৰ মতে, ছাপ’ৰ্ট ষ্টাফৰ বাবে ২০০০ৰো অধিকে আবেদন কৰিছে।

বিচিচিআইৰ নিয়ম অনুসৰি, প্ৰশিক্ষক বাছনিৰ বাবে ন্যূনতম ৩০খন টেষ্ট আৰু ৫০খন এদিনীয়া খেলিব লাগে। কিন্তু মাইক হেছনৰ ক্ষেত্ৰত এই নিয়ম কাৰ্যকৰী কৰা হোৱা নাই। হেছনে কেতিয়াও আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলা নাই, কিন্তু তেওঁ নিউজীলেণ্ড ক্ৰিকেট দলৰ কেইবাটাও গুৰুত্বপূৰ্ণ সফলতাত তেওঁৰ অৱদান আছে। এইক্ষেত্ৰত বিচিচিআইৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে তেওঁৰ ক্ষেত্ৰত এই নিয়ম এইবাবেই কাৰ্যকৰী হোৱা নাই কাৰণ আমি এই পদৰ বাবে অভিজ্ঞতাকো অগ্ৰাধিকাৰ দিওঁ।

ইফালে, লালচান্দ ৰাজপুতে দুখন টেষ্ট আৰু চাৰিখন এদিনীয়া খেলিছে। কিন্তু তেওঁ ২০০৭ চনত টি–২০ বিশ্বকাপ জয়ী ভাৰতীয় দলৰ অংশ আছিল। এই পদৰ বাবে ৬ গৰাকী দাবীদাৰৰ ভিতৰত তিনিগৰাকী বিদেশী প্ৰশিক্ষক। ডাংকান ফ্লেচাৰৰ বিদায়ৰ পিছত বিচিচিআয়ে কোনো বিদেশী খেলুৱৈক ভাৰতীয় দলৰ প্ৰশিক্ষক হিচাপে নিযুক্তিৰ পক্ষত দেখা যোৱা নাছিল।

টীম ইণ্ডিয়াৰ বৰ্তমানৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰীয় দলৰ সৈতে ৱেষ্ট ইণ্ডিজ ভ্ৰমণত আছে। সেয়েহে ৰবি শাস্ত্ৰীৰ সাক্ষাৎকাৰ সকলোতকৈ শেষত লোৱা হ’ব। স্কাইপৰ জৰিয়তেও লোৱা হ’ব পাৰে শাস্ত্ৰীৰ সাক্ষাৎকাৰ। ৰবি শাস্ত্ৰীয়ে ভাৰতৰ হৈ খেলিছে ৮০খন টেষ্ট আৰু ১৫০খন এদিনীয়া।
আৰু চাওক পৰৱৰ্তী বাতৰি