ইণ্ডিয়া অপেন বক্সিং প্ৰতিযোগিতাঃস্বৰ্ণ জয় মেৰীকমৰ লগতে বহুকেইগৰাকী অসমীয়াৰ

গুৱাহাটীত চলি আছে ইণ্ডিয়া অপেন বক্সিং প্ৰতিযোগিতা।

news18assam
Updated:May 25, 2019, 11:32 AM IST
ইণ্ডিয়া অপেন বক্সিং প্ৰতিযোগিতাঃস্বৰ্ণ জয় মেৰীকমৰ লগতে বহুকেইগৰাকী অসমীয়াৰ
গুৱাহাটীত চলি আছে ইণ্ডিয়া অপেন বক্সিং প্ৰতিযোগিতা।
news18assam
Updated: May 25, 2019, 11:32 AM IST
গুৱাহাটীত চলি আছে ইণ্ডিয়া অপেন বক্সিং প্ৰতিযোগিতা। প্ৰতিযোগিতা খনত ইতিহাস গঢ়িলে অসমকন্যা যমুনা বড়োৱে।ইণ্ডিয়া অপেন বক্সিং চেম্পিয়নশ্বিপত  স্বৰ্ণ জয় কৰিলে অসম কণ্যা যমুনা বড়োৱে। ৫৪ কিঃগ্ৰাঃ শাখাত শ্ৰেষ্ঠত্ব অৰ্জন কৰি যমুনা বড়োৰ স্বৰ্ণপদকেৰে ৰাছিয়াৰ বিশ্ব বক্সিঙলৈ যোগ্যতা অৰ্জন কৰে।



মেৰীকমো উজ্বলিছে ইণ্ডিয়া অপেন বক্সিং প্ৰতিযোগিতাত। মহিলাৰ ৫১ কেজি শাখাত  স্বৰ্ণপদক লাভ কৰিলে বিশ্বৰ শ্ৰেষ্ঠ বক্সাৰ গৰাকীয়ে। মেৰীকমৰ



সেইদৰে আকৌ উজ্বলিছে এসমৰ শিৱ থাপা। লাইট ৱেটত শ্ৰেষ্ঠত্বৰ সন্মন অৰ্জন শিৱ থাপাৰ।  মনীষ কাশ্যপক ৬০ কিঃগ্ৰাঃ শাখাত  শিৱ থাপাই পৰাস্ত কৰে। শিৱই লাভ কৰা সফলতাৰ বাবে অভিনন্দন জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰী সোণোৱালে।

সেইদৰে প্ৰতিযোগিতাখনত ৰূপৰ পদক লাভ  কৰে লাভলিনা বৰগোঁহাইয়ে।
৬৯ কিঃগ্ৰাঃ শাখাত  ইটালীৰ কানফোৰাৰ হাতত পৰাস্ত হয়  অসম কন্যাগৰাকী।

মেৰীকমো উজ্বলিছে ইণ্ডিয়া অপেন বক্সিং প্ৰতিযোগিতাত। মহিলাৰ ৫১ কেজি শাখাত  স্বৰ্ণপদক লাভ কৰিলে বিশ্বৰ শ্ৰেষ্ঠ বক্সাৰ গৰাকীয়ে। মেৰীকমৰ

 
আৰু চাওক পৰৱৰ্তী বাতৰি