உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • ভাৰতীয় ক্ৰিকেটাৰক কোভাক্সিনৰ পৰিৱৰ্তে কোভিশ্বিল্ড ভেকচিন ল'বলৈ পৰামৰ্শ

    ভাৰতীয় ক্ৰিকেটাৰক কোভাক্সিনৰ পৰিৱৰ্তে কোভিশ্বিল্ড ভেকচিন ল'বলৈ পৰামৰ্শ

    ভাৰতত কোভিশ্বিল্ডৰ প্ৰথম পালি গ্ৰহণ কৰি দ্বিতীয় পালি গ্ৰহণ কৰিব পাৰিব ইংলেণ্ডত

    ভাৰতত কোভিশ্বিল্ডৰ প্ৰথম পালি গ্ৰহণ কৰি দ্বিতীয় পালি গ্ৰহণ কৰিব পাৰিব ইংলেণ্ডত

    ভাৰতত কোভিশ্বিল্ডৰ প্ৰথম পালি গ্ৰহণ কৰি দ্বিতীয় পালি গ্ৰহণ কৰিব পাৰিব ইংলেণ্ডত

    • Share this:

    আই পি এল ২০২১ৰ চতুৰ্দশ ছীজন অৰ্ধসমাপ্ত হোৱাৰ পিছত অহা মাহত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলিবৰ বাবে ইংলেণ্ডলৈ যোৱাৰ পৰিকল্পনাত আছে ভাৰতীয় ক্ৰিকেটাৰ। ইংলেণ্ডলৈ যোৱাৰ আগেয়ে কোৰোণা ভেকচিন লোৱাক লৈ সকলো ক্ৰিকেটাৰ প্ৰস্তুত হোৱা বুলি জানিব পৰা গৈছে।


    এক প্ৰতিবেদন অনুসৰি, ভাৰতীয় খেলুৱৈসকলে কোভিশ্বিল্ড ভেকচিন গ্ৰহণ কৰিব পাৰে। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেললৈ যোৱাৰ আগতে বিচিচিআইৰ ভাৰতীয় ক্ৰিকেটাৰসকলক টিকাকৰণ কৰাৰ কোনো পৰিকল্পনা আছে নেকি বুলি সোধাত এই সন্দৰ্ভত সৌৰভ গাংগুলীয়ে কয়, "এতিয়া তেওঁলোকৰ ওচৰত সময় আছে। তেওঁলোকে তেওঁলোকৰ টিকাকৰণ ব্যক্তিগতভাৱে সম্পন্ন কৰিব পাৰে, কিয়নো ৰাজ্য চৰকাৰে এইটো কৰি আছে। সকলো খেলুৱৈ ঘৰলৈ গৈছে, সেয়েহে সেইটো সহজ আৰু সঠিক উপায়।"


    অৱশ্যে, খেলুৱৈসকলক কোভাক্সিনৰ সলনি কেৱল কোভিশ্বিল্ড ভেকচিন গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। অৱশ্যে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ আৰু ইংলেণ্ড শৃংখলাৰ অংশ ল'ব লগা ক্ৰিকেটাৰসকলৰ বাবেহে কোভিশ্বিল্ড লোৱাটো প্ৰয়োজনীয়। যদি ভাৰতীয় খেলুৱৈসকলে ইয়াত ভাৰতত কোভিশ্বিল্ডৰ প্ৰথম পালি গ্ৰহণ কৰে, তেওঁলোকৰ দ্বিতীয় পালি গ্ৰহণ কৰিবলৈ সময় নাথাকিব।


    খেলুৱৈসকলে ইংলেণ্ডত থকা অৱস্থাতে ইয়াৰ আনটো পালি গ্ৰহণ কৰিব পাৰে। টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন মতে, 'খেলুৱৈসকলক ভাৰতত কোভিশ্বিল্ড গ্ৰহণ কৰাৰ পৰামৰ্শ দিয়া হৈছে, কিয়নো ই এষ্ট্ৰাজেনেকাৰ দ্বাৰা তৈয়াৰ কৰা ভেকচিন (ইউকে সামগ্ৰী)। ফলত ইয়াৰ দ্বিতীয়টো ড'জ ইংলেণ্ডতে গ্ৰহণ কৰাত সুবিধা হ'ব।


    উল্লেখ্য, জুনৰ ১৮ তাৰিখৰ পৰা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেল নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব ভাৰতে।

    Published by:Gautam Barman
    First published: