নিউজীলেণ্ডৰ বিৰুদ্ধে টীম ইণ্ডিয়াই ৰচিলে ইতিহাস, ৫–০ৰ ব্যৱধানত জিকিলে টি–২০ শৃংখলা

News18 Assam | News18-Assam
Updated:February 2, 2020, 4:43 PM IST
নিউজীলেণ্ডৰ বিৰুদ্ধে টীম ইণ্ডিয়াই ৰচিলে ইতিহাস, ৫–০ৰ ব্যৱধানত জিকিলে টি–২০ শৃংখলা
ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতে তিনি উইকেটত ১৬৩ ৰান সংগ্ৰহ কৰে।

ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতে তিনি উইকেটত ১৬৩ ৰান সংগ্ৰহ কৰে।

  • Share this:
ভাৰত আৰু নিউজীলেণ্ডৰ মাজৰ টি–২০ শৃংখলাত ইতিহাস ৰচিলে টীম ইণ্ডিয়াই। আন চাৰিখন খেলৰ দৰেই পঞ্চমখন খেলতো ৭ ৰানত জয়ী হৈ টীম ইণ্ডিয়াই ৫–০ৰ ব্যৱধানত দখল কৰিলে শৃংখলা। ইয়াৰ লগে লগে টি–২০ শৃংখলাত ক্লীন ছুইপ কৰা বিশ্বৰ প্ৰথম দল হিচাপে পৰিগণিত হ’ল ভাৰত। তদুপৰি ভাৰতীয় দলে প্ৰথমবাৰ নিউজীলেণ্ডত টি–২০ শৃংখলা দখল কৰাৰ ইতিহাসো ৰচনা কৰিলে।

অন্তিমখন খেলত প্ৰথমে টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। বিৰাট কোহলীয়ে এই খেলখনত বিশ্ৰাম লোৱাৰ সিদ্ধান্ত লৈছিল। ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতে তিনি উইকেটত ১৬৩ ৰান সংগ্ৰহ কৰে। ৰোহিত শৰ্মাই ৪১টা বলত ৬০ ৰানৰ অনবদ্য অৱদান আগবঢ়ায়। কে এল ৰাহুলে সংগ্ৰহ কৰে ৪৫ ৰান।

প্ৰত্যুত্তৰত নিউজীলেণ্ডে ২০ অভাৰত ৯টা উইকেট হেৰুৱাই সংগ্ৰহ কৰিবলৈ সক্ষম হয় ১৫৬ ৰান। নিউজীলেণ্ডৰ কলিন মনৰোৱে ৩০টা বলত সংগ্ৰহ কৰে ৫০ ৰান আৰু ৰছ টেলাৰে সংগ্ৰহ কৰে ৫৩ৰান। ভাৰতৰ হৈ জছপ্ৰীত বুমৰাহে তিনিটা, শাৰ্দুল ঠাকুৰ আৰু নৱদীপ সৈনীয়ে দখল কৰে দুটাকৈ উইকেট।
আৰু চাওক
পৰৱৰ্তী বাতৰি