உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • ভাৰতলৈ উভতিল ধোনী, ৱেষ্ট ইণ্ডিজ ভ্ৰমণলৈ যাবলগীয়া দলত কোন কোন থাকিব?

    ভাৰতলৈ উভতিল ধোনী, ৱেষ্ট ইণ্ডিজ ভ্ৰমণলৈ যাবলগীয়া দলত কোন কোন থাকিব?

    ৱেষ্ট ইণ্ডিজ ভ্ৰমণলৈ যাবলগীয়া ভাৰতীয় দলটোত বহু সালসলনি ঘটোৱাৰ সম্ভাৱনা আছে।

    ৱেষ্ট ইণ্ডিজ ভ্ৰমণলৈ যাবলগীয়া ভাৰতীয় দলটোত বহু সালসলনি ঘটোৱাৰ সম্ভাৱনা আছে।

    ৱেষ্ট ইণ্ডিজ ভ্ৰমণলৈ যাবলগীয়া ভাৰতীয় দলটোত বহু সালসলনি ঘটোৱাৰ সম্ভাৱনা আছে।

    • Share this:
      ৱেষ্ট ইণ্ডিজলৈ যাবলগীয়া ভাৰতীয় ক্ৰিকেট দল ঘোষণা স্থগিত ৰখা হৈছে। শুকুৰবাৰে দল নিৰ্বাচিত কৰাৰ কথা আছিল যদিও বৰ্তমান সময় বৃদ্ধি কৰা হৈছে। ৱেষ্ট ইণ্ডিজ ভ্ৰমণলৈ যাবলগীয়া দলটোৱে তিনিখন এদিনীয়া, তিনিখন টি–২০ আৰু দুখন টেষ্ট মেচ খেলিব। অৱশ্যে দল নিৰ্বাচন কিয় পিছুৱাই দিয়া হ’ল সেই সম্পৰ্কে জানিব পৰা হোৱা নাই। ইয়াৰ মাজতে বৃহস্পতিবাৰে ভাৰতলৈ উভতিল মহেন্দ্ৰ সিং ধোনী। ধোনীৰ ভৱিষ্যতক লৈ চিন্তা–চৰ্চা কৰাৰ পিছতহে দল ঘোষণা কৰাৰ সম্ভাৱনা আছে।

      ৱেষ্ট ইণ্ডিজ ভ্ৰমণলৈ যাবলগীয়া ভাৰতীয় দলটোত বহু সালসলনি ঘটোৱাৰ সম্ভাৱনা আছে। বিৰাট কোহলী, জছপ্ৰীত বুমৰাহ, ৰোহিত শৰ্মাৰ দৰে আগশাৰীৰ খেলুৱৈক বিশ্ৰাম দিয়াৰ সম্ভাৱনা আছে। কেদাৰ যাদৱ আৰু দীনেশ কাৰ্তিককো দলৰ পৰা বাদ দিয়াৰ সম্ভাৱনা আছে কাৰণ দুয়োজনেই টীম ইণ্ডিয়াৰ ভৱিষ্যতৰ পৰিকল্পনাক লৈ ফিট নহয়।

      যদি বিৰাট কোহলীক বিশ্ৰাম দিয়া হয় তেন্তে ৰোহিত শৰ্মাক সিমিত অভাৰৰ বাবে টীম ইণ্ডিয়াৰ অধিনায়কৰ দায়িত্ব দিয়া হ’ব পাৰে। ৰোহিত শৰ্মাক বিশ্ৰাম দিলে দলক নেতৃত্ব দিব বিৰাট কোহলীয়ে। ইফালে, বেগী বলাৰ নৱদীপ সৈনী আৰু খলীল আহমেদে দলত স্থান পোৱাৰ সম্ভাৱনা আছে। উইকেট কিপিঙৰ দায়িত্ব থাকিব ষঋভ পন্তৰ ওপৰত।
      First published: