உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • ইতিহাস ৰচিলে টীম ইণ্ডিয়াই, প্ৰথমবাৰলৈ মহিলা টি–২০ বিশ্বকাপৰ ফাইনেলত ভাৰত

    ইতিহাস ৰচিলে টীম ইণ্ডিয়াই, প্ৰথমবাৰলৈ মহিলা টি–২০ বিশ্বকাপৰ ফাইনেলত ভাৰত

    ‘গ্ৰুপ এ’ৰ পইণ্ট তালিকাত চাৰিখন খেলত জয়েৰে ভাৰতে লাভ কৰিছে ৮ পইণ্ট, আনহাতে, ‘গ্ৰুপ বি’ত ইমলেণ্ড দলে তিনিখন খেলত বিজয় সাব্যস্ত কৰি লাভ কৰিছিল ৬ পইণ্ট।

    • Share this:
    প্ৰথমবাৰলৈ ভাৰতীয় মহিলা ক্ৰিকেট দলে টি–২০ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰি ৰচিলে ইতিহাস। ভাৰত আৰু ইংলেণ্ডৰ মাজত বৃহস্পতিবাৰে হ’বলগীয়া ছেমি ফাইনেল খেলখন বৰষুণৰ বাবে বিঘ্নিত হয়। ইয়াৰ পিছতে গ্ৰুপ পৰ্যায়ত পইণ্ট তালিকাৰ শীৰ্ষত থকা ভাৰতে ফাইনেলত স্থান নিশ্চিত কৰে।

    ‘গ্ৰুপ এ’ৰ পইণ্ট তালিকাত চাৰিখন খেলত জয়েৰে ভাৰতে লাভ কৰিছে ৮ পইণ্ট, আনহাতে, ‘গ্ৰুপ বি’ত ইমলেণ্ড দলে তিনিখন খেলত বিজয় সাব্যস্ত কৰি লাভ কৰিছিল ৬ পইণ্ট। পইণ্টৰ ভিত্তিতে ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয় হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন টীম ইণ্ডিয়াই।

    ইয়াৰ পূৰ্বে ৭খনকৈ টি–২০ বিশ্বকাপত ভাৰতীয় দলে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনেৰে ছেমি ফাইনেললৈ গৈছিল। ২০১৮ চনত টি–২০ বিশ্বকাপৰ ছেমি ফাইনেলত ইংলেণ্ডৰ হাতত ৮ উইকেটত পৰাজিত হৈছিল ভাৰত।

    ৮ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ফাইনেলত ভাৰত মুখামুখি হ’ব দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলৰ বিজয়ী দলৰ। কিন্তু বৰষুণৰ বাবে দ্বিতীয়খন ছেমি ফাইনেলো পৰিত্যক্ত হোৱাৰ সম্ভাৱনা আছে। যদি তেনেকুৱা হয়, তেন্তে গ্ৰুপত শীৰ্ষত থকা দক্ষিণ আফ্ৰিকা আৰু ভাৰতৰ মাজত হ’ব ফাইনেল খেল।
    Published by:Sanjay Kumar Das
    First published: