ভাৰতীয় দলৰ প্ৰশিক্ষক পদৰ পৰা আঁতৰিব নেকি ৰবি শাস্ত্ৰী! চলিছে এতিয়া ব্যাপক জল্পনা কল্পনা। ইংলেণ্ডত অনুষ্ঠিত হোৱা সদ্য সমাপ্ত বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছেমি ফাইনেলত ভাৰতে নিউজীলেণ্ডৰ হাতত পৰাস্ত হোৱাৰ পিছৰ পৰা ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক পদৰ পৰা ৰবি শাস্ত্ৰীক আঁতৰ কৰিব লাগে বুলি ভাৰতীয় ক্ৰিকেটৰ বহু প্ৰাক্তন তাৰকাই দাবী উত্থাপন কৰাৰ পিছত এতিয়া বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে।
ভাৰতীয় দলৰ প্ৰশিক্ষক হ’বৰ বাবে এতিয়া বহু কেইগৰাকী প্ৰাক্তন তাৰকাই আগ্ৰহ প্ৰকাশ কৰিছে।ভাৰতীয় দলৰ প্ৰশিক্ষক হ’বৰ বাবে ইচ্ছুক নিউজীলেণ্ডৰ প্ৰক্তন প্ৰশিক্ষক মাইক হেসন। ইতিমধ্যে হেসনে ভাৰতীয় দলৰ প্ৰশিক্ষক পদৰ বাবে আৱেদন কৰিবলৈ যিখিনি নীতি নিয়ম থাকে সেই সমূহ অধ্যয়ন কৰিছে বুলি বিভিন্ন মহলে প্ৰকাশ কৰিছে।
মাইক হেসন আইপিএলত কিংছ ইলেভেন পঞ্জাৱৰ প্ৰশিক্ষকৰ দায়িত্বতো আছে। অতি শীঘ্ৰে তেঁও বিচিচিআইৰ ওচৰত দাখিল কৰিব প্ৰশিক্ষক পদৰ বাবে আৱেদন পত্ৰ। উল্লেখ যোগ্য যে মাইক হেসন ৬ বছৰ ধৰি নিউডীলেণ্ড ক্ৰিকেট দলৰ প্ৰশিক্ষকৰ দায়িত্বত আছিল।
ইয়াৰ উপৰিও দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন খেলুৱৈ, বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ফিল্ডাৰ জণ্টি ৰোডছেও ভাৰতীয় দলৰ ফিল্ডিং প্ৰশিক্ষক পদৰ বাবে কৰিছে আৱেদন।
বিশ্বকাপৰ ছেমি ফাইনেলত ৰবি শাস্ত্ৰীয়ে হাৰ্ডিক পাণ্ডিয়াক মহেন্দ্ৰ সিং ধোনীতকৈ আগত বেটিং কৰোৱাৰ সিদ্ধান্ত লৈছিল, পিছত ভাৰত পৰাস্ত হোৱাৰ পিছত ৰবি শাস্ত্ৰীৰ সেই সিদ্ধান্তক বিভিন্নজনে সমালোচনা কৰিছিল। যদিও এতিয়া বিভিন্ন বিদেশী খেলুৱৈয়েও ভাৰতীয় দলৰ প্ৰশিক্ষক হ’বলৈ আৱেদন কৰিছে তথাপিও সৌৰভ গাংগুলীক দলৰ প্ৰশিক্ষকৰ দায়িত্ব দিব লাগে বুলি বহুতে মতপোষণ কৰিছে। কিন্তু এই বিষয়ে সৌৰভ গাংগুলীয়ে মন্তব্য দিয়াৰ পৰা বিৰত আছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|