মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»সুখবৰ! স্বৰ্ণপদকলৈ উন্নীত হ’ল হিমা দাসৰ এছিয়ান গেমছৰ ৰূপৰ পদক

সুখবৰ! স্বৰ্ণপদকলৈ উন্নীত হ’ল হিমা দাসৰ এছিয়ান গেমছৰ ৰূপৰ পদক

News18 Assam | News18-Assam
Updated:July 24, 2020, 12:49 PM IST
সুখবৰ! স্বৰ্ণপদকলৈ উন্নীত হ’ল হিমা দাসৰ এছিয়ান গেমছৰ ৰূপৰ পদক
এই খবৰৰ পিছতে আনন্দিত হিমাই শুভেচ্ছা জনালে সতীৰ্থসকলক।

এই খবৰৰ পিছতে আনন্দিত হিমাই শুভেচ্ছা জনালে সতীৰ্থসকলক।

  • Share this:
এটা ভাল খবৰ! ২০১৮ চনত অনুষ্ঠিত হোৱা এছিয়ান গেমছত হিমা দাসে লাভ কৰা ৰূপৰ পদক স্বৰ্ণপদকলৈ উন্নীত কৰা হৈছে। 4x400 মিক্স ৰিলেৰ দলটোত আছিল হিমা দাসৰ লগতে মহম্মদ আনাছ, এম আৰ পুৱাম্মা আৰু আৰোকিয়া ৰাজীৱ। কেমি এডেকয়াক ডপ টেষ্টত অনুত্তীৰ্ণ হোৱাৰ বাবে চাৰি বছৰৰ নিষেধাজ্ঞা আৰোপ কৰাৰ বাবে বাহৰেইনৰ দলটোক অযোগ্য ঘোষণা কৰা হয়।



এই খবৰৰ পিছতে আনন্দিত হিমাই শুভেচ্ছা জনালে সতীৰ্থসকলক। টুইটাৰত হিমাই লিখিছে – ‘এছিয়ান গেমছ ২০১৮ৰ 4x400 মিস্ক ৰিলেৰ আমাৰ দলৰ ৰূপৰ পদক স্বৰ্ণপদকলৈ উন্নীত হোৱাত আনন্দিত হৈছো। মই মোৰ দলৰ সতীৰ্থসকলক শুভেচ্ছা জনাইছো।’
Published by: Sanjay Kumar Das
First published: July 24, 2020, 11:20 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি