টচত জয়ী টিম ইণ্ডিয়া, প্ৰথমে কৰিব ফিল্ডিং! কিন্তু বৰ্ষাপাৰাত এতিয়া বৰষুণ

News18 Assam | News18-Assam
Updated:January 5, 2020, 6:50 PM IST
টচত জয়ী টিম ইণ্ডিয়া, প্ৰথমে কৰিব ফিল্ডিং! কিন্তু বৰ্ষাপাৰাত এতিয়া বৰষুণ
৭ বজাৰ পৰা আৰম্ভ হ’ব হাই ভল্টেজ মেচখন

৭ বজাৰ পৰা আৰম্ভ হ’ব হাই ভল্টেজ মেচখন

  • Share this:
৭ বজাৰ পৰা আৰম্ভ হ’বলগীয়া ভাৰত–শ্ৰীলংকাৰ প্ৰথমখন টি২০ মেচত ভাৰতে টচত জয়লাভ কৰি ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছে।  পিটচ বিশেষজ্ঞই কোৱা মতে বেটিঙৰ বাবে সহায়ক হ’ব বৰ্ষাপাৰাৰ উইকেট। ফলত বৃহত্‍ স্কৰৰ মেচ দৰ্শকে উপভোগ কৰিবলৈ পাব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে, অনুশীলনৰ সময়ত বিৰাট কোহলীয়ে হাতত কিছু আঘাত পাইছিল যদিও এতিয়া প্ৰায় সুস্থ হৈ উঠিছে।

কিন্তু বৰ্ষাপাৰত বতৰে এতিয়া দিছে বিধি পথালি। আৰম্ভ হৈছে বৰষুণ। গতিকে নিৰ্ধাৰিত সময়তকৈ পলম হ’ব পাৰে খেল আৰম্ভ হোৱাত।
আৰু চাওক
পৰৱৰ্তী বাতৰি