৫ জানুৱাৰীত গুৱাহাটীত ভাৰত–শ্ৰীলংকাৰ মাজত টি–২০, কেনেকৈ পাব টিকট?

News18 Assam | News18-Assam
Updated:December 24, 2019, 3:47 PM IST
৫ জানুৱাৰীত গুৱাহাটীত ভাৰত–শ্ৰীলংকাৰ মাজত টি–২০, কেনেকৈ পাব টিকট?
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলখনৰ বাবে প্ৰায় ৪০ হাজাৰ টিকট কাইলৈৰ পৰা অনলাইনযোগে বিক্ৰী কৰিব অসম ক্ৰিকেট সন্থাই।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলখনৰ বাবে প্ৰায় ৪০ হাজাৰ টিকট কাইলৈৰ পৰা অনলাইনযোগে বিক্ৰী কৰিব অসম ক্ৰিকেট সন্থাই।

  • Share this:
৫ জানুৱাৰীত গুৱাহাটীৰ বর্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু শ্ৰীলংকাৰ মাজত আই চি চি আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেট খেল। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলখনৰ বাবে প্ৰায় ৪০ হাজাৰ টিকট কাইলৈৰ পৰা অনলাইনযোগে বিক্ৰী কৰিব অসম ক্ৰিকেট সন্থাই।

ভাৰত–শ্ৰীলংকাৰ খেলখনৰ বাবে ছাত্ৰ-ছাত্ৰীৰ বাবে পশ্চিম ষ্টেণ্ডৰ দ্বিতীয় মহলাত টিকটৰ নিৰিখ ধাৰ্য কৰিছে ৩০০ টকা। দক্ষিণ দিশৰ প্ৰথম মহলাৰ টিকটৰ মূল্য সৰ্বাধিক ৫,৫০০ টকা। অন্যান্য গেলেৰীৰ টিকটসমূহৰ মূল্য হ’ল ক্ৰমে ১৫০০ টকা, ২,২০০ টকা, ২,৭৫০ টকা, ৩,৮৫০ টকা আৰু ৪,৪০০ টকা। খেলখনৰ বাবে বিৰাট কোহলী বাহিনী আৰু ডিমুথ কৰুণাৰত্নে বাহিনীয়ে ২ জানুৱাৰীত আহি গুৱাহাটীত উপস্থিত হ’ব।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি