শ্ৰীলংকাৰ বিৰুদ্ধে বিৰাট কোহলীৰ দুটাকৈ বিশ্ব অভিলেখ, পিছ পেলালে সকলো বেট্ছমেনক

News18 Assam | News18-Assam
Updated:January 8, 2020, 1:10 PM IST
শ্ৰীলংকাৰ বিৰুদ্ধে বিৰাট কোহলীৰ দুটাকৈ বিশ্ব অভিলেখ, পিছ পেলালে সকলো বেট্ছমেনক
বছৰটোৰ প্ৰথমখন খেলতে দুটাকৈ বিশ্ব অভিলেখ গঢ়িলে কোহলীয়ে।

বছৰটোৰ প্ৰথমখন খেলতে দুটাকৈ বিশ্ব অভিলেখ গঢ়িলে কোহলীয়ে।

  • Share this:
ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীৰ অভিলেখৰ ধাৰা নতুন বছৰতো অব্যাহত আছে। বছৰটোৰ প্ৰথমখন খেলতে দুটাকৈ বিশ্ব অভিলেখ গঢ়িলে কোহলীয়ে। শ্ৰীলংকাৰ বিৰুদ্ধে তিনিখনীয়া T-20 ছিৰিজৰ দ্বিতীয়খন খেলত জয়লাভ কৰি ১–০ৰ অগ্ৰগতি লাভ কৰিছে ভাৰতে। গুৱাহাটীৰ প্ৰথম খেল বাতিল হোৱাৰ পিছত ইন্দোৰত অনুষ্ঠিত হৈছিল দ্বিতীয়খন খেল।

ইন্দোৰত অনুষ্ঠিত খেলখনত টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় ভাৰতে। শ্ৰীলংকাই প্ৰথমে বেটিং কৰি সংগ্ৰহ কৰে ১৪২ ৰান। প্ৰত্যুত্তৰত ভাৰতে সহজে তিনি উইকেট হেৰুৱাই উপনীত হয় জয়ৰ লক্ষ্যত। বিৰাট কোহলীয়ে ১৭ বলত সংগ্ৰহ কৰে ৩০ ৰান। ইয়াৰ জৰিয়তে কোহলীয়ে T-20ত ৰোহিত শৰ্মাক পিছ পেলাই সৰ্বাধিক ২৬৬৩ ৰান সংগ্ৰহ কৰে। ইফালে, T-20ত অধিনায়ক হিচাপে দ্ৰুতগতিত এহেজাৰ ৰান সম্পূৰ্ণ কৰাৰ বিশ্ব অভিলেখো নিজৰ নামত কৰিলে কোহলীয়ে।

বিৰাট কোহলীৰ নামত অধিনায়ক হিচাপে T-20ত বৰ্তমান ১০০৬ ৰান। কোহলীৰ পূৰ্বে এই অভিলেখ দক্ষিণ আফ্ৰিকাৰ অধিনায়ক ডুপ্লেছীৰ নামত আছিল। ডুপ্লেছীয়ে ৩১টা ইনিংছত কৰিছিল এই অভিলেখ। কোহলীয়ে ৩০টা ইনিংছত সংগ্ৰহ কৰে এই ৰান। ইমানেই নহয় মহেন্দ্ৰ সিং ধোনীৰ পিছত বিৰাট কোহলী দ্বিতীয়গৰাকী ভাৰতীয় অধিনায়ক, যিয়ে T-20ত ১০০০ৰ অধিক ৰান কৰিছে। ধোনীয়ে ৫৭টা ইনিংছত সংগ্ৰহ কৰিছিল এই ৰান। আনহাতে, নিউজীলেণ্ডৰ কেন উইলিয়ামছনে ৩৬টা, ইংলেণ্ডৰ অধিনায়ক আয়ান মৰ্গানে ৪২টা ইনিংছত T-20ত অধিনায়ক হিচাপে ১০০০ ৰান সম্পূৰ্ণ কৰিছিল।

NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি