দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত টীম ইণ্ডিয়াৰ সহজ জয়

২০৩ ৰাণৰ ব্যৱধানত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰে ভাৰতীয় দলে

News18-Assam
Updated:October 6, 2019, 4:10 PM IST
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত টীম ইণ্ডিয়াৰ সহজ জয়
২০৩ ৰাণৰ ব্যৱধানত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰে ভাৰতীয় দলে
News18-Assam
Updated: October 6, 2019, 4:10 PM IST
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত সহজ জয় সাব্যস্ত কৰিছে  ভাৰতীয় দলে। ভাৰতে ২০৩ ৰাণৰ ব্যৱধানত জয়লাভ কৰি শৃংখলাটোত ১-০ অগ্ৰগতি লয়৷ প্ৰথম ইনিংছত ভাৰতীয় দলে ৭ উইকেটত ৫০২ ৰাণ সংগ্ৰহ কৰি ইনিংছ ঘোষণা কৰে। তাৰ প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাই  ৪৩১ ৰাণত নিজৰ প্ৰথম ইনিংছ সামৰে। প্ৰথম ইনিংছত ভাৰতৰ হৈ সৰ্বাধিক  মায়েংক আগৰৱাল আৰু ৰোহিত শৰ্মাই ক্ৰমে ২১৫ আৰু ১৭৬ ৰাণৰ বৰঙণি আগবঢ়ায়।

প্ৰথম ইনিংছত অগ্ৰগতি লাভ কৰি ভাৰতে দ্বিতীয় ইনিংছত ৩২৩ ৰাণ সংগ্ৰহ কৰি ইনিংছ ঘোষণা কৰে। তাৰ প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাই মাত্ৰ ১৯১ ৰাণতে ইনিংছ সামৰি পৰাজয় বৰণ কৰে। ভাৰতৰ পেচ বলাৰ মহম্মদ ছামিয়ে ৫ টা উইকেট আৰু স্পিনাৰ ৰবিন্দ্ৰ জাডেজাই ৪ টা উইকেট দখল কৰে৷ টেষ্ট মেচত ভাৰতৰ হৈ অপেনাৰৰ দায়িত্ব প্ৰথমবাৰলৈ গ্ৰহণ কৰিয়ে ৰোহিত শৰ্মাই দুয়োটা ইংনিছত শতক অৰ্জন কৰাৰ বলত ‘প্লেয়াৰ অব দা মেচ’ লাভ কৰে৷
আৰু চাওক পৰৱৰ্তী বাতৰি