ছুপাৰ অভাৰৰ ৰজা ৰোহিত শৰ্মা! ৬টা বলৰ ৰোমাঞ্চকৰ মেচত ৰৈ গৈছিল সকলোৰে উশাহ!

News18 Assam | News18-Assam
Updated:January 29, 2020, 6:50 PM IST
ছুপাৰ অভাৰৰ ৰজা ৰোহিত শৰ্মা! ৬টা বলৰ ৰোমাঞ্চকৰ মেচত ৰৈ গৈছিল সকলোৰে উশাহ!
Source-Google

ছুপাৰ অভাৰৰ জৰিয়তে নিউজীলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন মেচত জয়লাভ কৰে টীম ইণ্ডিয়াই।

  • Share this:
উফ, কি মেচ আছিল! ৰোমাঞ্চকৰ মেচত নিউজীলেণ্ডক পৰাস্ত কৰি জয়লাভ কৰিলে টীম ইণ্ডিয়াই। নিৰ্ধাৰিত ২০ অভাৰত দুয়োটা দলে সমান সমান স্কৰ কৰাৰ বাবে অনুষ্ঠিত হৈছিল ছুপাৰ অভাৰ। ছুপাৰ অভাৰত ভাৰতক জয়ৰ বাবে প্ৰয়োজন আছিল ১৮ ৰানৰ। অভাৰৰ শেষৰটো বলত ছিক্সাৰ মাৰি প্ৰতিজন ভাৰতীয়ৰ মুখত হাঁহি বিৰিঙালে হিট মেন ৰোহিত শৰ্মাই। নিউজীলেণ্ডত প্ৰথমটো টী২০ চিৰিজ জয়লাভ ভাৰতৰ।

ছুপাৰ অভাৰ


  • প্ৰথমটো বল– বুমৰাহৰ বলত উইলিয়ামচনে ডিপ স্কোৱাৰ লেগত ললে ১ ৰান।

  • দ্বিতীয়টো বল– ফুলটচ বল, কিন্তু গোপ্টিলে মাত্ৰ এক ৰানহে সংগ্ৰহ কৰে।

  • তৃতীয়টো বল– ফাইন লেগৰ ওপৰেৰে উইলিয়ামচনৰ ছিক্সাৰ।

  • চতুৰ্থটো বল– লংগ অফত উইলিয়ামচনে কোবালে চাৰি ৰান।


  • পঞ্চলটো বল– এক ৰান সংগ্ৰহ।

  • ষষ্ঠটো বল– ফুলটচ বল, গোপ্টিলে লংগ অনত চাৰি ৰান সংগ্ৰহ কৰে।


নিউজীলেণ্ডে সংগ্ৰহ কৰে ১৭ ৰান। ভাৰতক জয়ৰবাবে ৬ টা বলত প্ৰয়োজন ১৮ ৰান।

ছুপাৰ অভাৰত ৰোহিত শৰ্মাৰ চমৎকাৰ

  • প্ৰথমটো বল– টিম ছাউটীৰ বলত ৰোহিত শৰ্মাৰ দুই ৰান সংগ্ৰহ।

  • দ্বিতীয়টো বল– ৰোহিত শৰ্মাৰ এক ৰান সংগ্ৰহ।

  • তৃতীয়টো বল– কে এল ৰাহুলে ফাইন লেগত কোবালে চাৰি ৰান।


এতিয়ালৈকে ভাৰতৰ সংগ্ৰহ ৭ ৰান।

  • চতুৰ্থটো বল– ছাউটীৰ সুন্দৰ বল, ৰাহুলে সংগ্ৰহ কৰে মাত্ৰ এক ৰান। শেষৰ দুটা বলত ভাৰতক জয়ৰ বাবে প্ৰয়োজন ১০ ৰান।

  • পঞ্চলটো বল– ফুলটচ বল, ৰোহিত শৰ্মাই কোবালে ছিক্সাৰ। শেষৰ বলত ভাৰতক জয়ৰ বাবে প্ৰয়োজন ৪ ৰান।

  • শেষৰটো বল– ৰোহিত শৰ্মাই লংগ অফৰ ওপৰেৰে কোবালে ছিক্সাৰ।

আৰু চাওক
পৰৱৰ্তী বাতৰি