৭ ৰাণত ইংলেণ্ডক পৰাস্ত কৰি তৃতীয় এদিনীয়াত বিজয় সাব্যস্ত কৰিলে ভাৰতে। টেষ্ট আৰু টি-২০ শৃংখলাৰ পিছত এদিনীয়া শৃংখলাও কৰিলে দখল।
৭ ৰাণত ইংলেণ্ডক পৰাস্ত কৰি তৃতীয় এদিনীয়াত বিজয় সাব্যস্ত কৰিলে ভাৰতে। টেষ্ট আৰু টি-২০ শৃংখলাৰ পিছত এদিনীয়া শৃংখলাও কৰিলে দখল।
ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয় এদিনীয়াত ৭ ৰাণত বিজয় সাব্যস্ত কৰি মেচ জয় কৰাৰ লগতে ২-১ৰ ব্যৱধানত এদিনীয়া শৃংখলাও দখল কৰিলে ভাৰতে। ছাৰ্দুল ঠাকুৰ আৰু ভূৱনেশ্বৰ কুমাৰৰ দুৰ্দান্ত ৱলিভৰ সন্মুখত অন্তিম মূহূৰ্তত শিৰ নত কৰিবলৈ বাধ্য হ'ল ইংলেণ্ড। ছাৰ্দুল ঠাকুৰে ৪টা উইকেট দখল কৰাৰ বিপৰীতে ভূবনেশ্বৰ কুমাৰে লাভ কৰে ৩টা উইকেট।
ইংলেণ্ডৰ সন্মুখত জয়ৰ বাবে ভাৰতে বান্ধি দিছিল ৩৩০ ৰাণৰ লক্ষ্য। কন্তু ৩২২ ৰাণতে নিজৰ ইনিংছ সামৰিবলৈ বাধ্য হয় ইংলেণ্ডে। শেষৰ পিনে আঠ নম্বৰত বেটিং কৰিবলৈ অহা ইংলেণ্ডৰ ছেম কুৰাণে দলৰ মাজত বিজয়ৰ আশা জগাই তুলিছিল যদিও শেষ ৰক্ষা কৰিব নোৱাৰিলে। অথলে গ'ল কুৰাণৰ অপৰাজিত ৯৫ ৰাণৰ বিস্ফোৰক ইনিংছ।
ইয়াৰ পূৰ্বে প্ৰথমে বেটিং কৰি ঋষভ পণ্টৰ ৭৮, শিখৰ ধাৱনৰ ৬৭ আৰু হাৰ্দিক পাণ্ড্যাৰ ৬৪ ৰাণৰ সহায়ত ৪৮ অ'ভাৰ ২টা বলত আটাইকেইতা উইকেট হেৰুৱাই ভাৰতে ৩২৯ ৰাণ সংগ্ৰহ কৰে।
খেলখনত ছেম কুৰাণক মেন অৱ দ্যা মেচ বঁটা প্ৰদান কৰা হয়।
এদিনীয়া শৃংখলা দখলৰ লগতে ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতে ৩-১ ব্যৱধানত টেষ্ট শৃংখলা আৰু ৩-২ ব্যৱধানত টি-২০ শৃংখলাও দখল কৰিছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|