অকৰ্মণ্য! ACAৰ ওপৰত প্ৰচণ্ড খং টিম ইণ্ডিয়াৰ তাৰকা খেলুৱৈৰ

News18 Assam | News18-Assam
Updated:January 6, 2020, 3:16 PM IST
অকৰ্মণ্য! ACAৰ ওপৰত প্ৰচণ্ড খং টিম ইণ্ডিয়াৰ তাৰকা খেলুৱৈৰ
চূড়ান্ত দায়িত্বহীন কাণ্ডৰ বাবে সৰ্বত্ৰ সমালোচনাৰ সন্মুখীন হৈছে অসম ক্ৰিকেট সন্থা

চূড়ান্ত দায়িত্বহীন কাণ্ডৰ বাবে সৰ্বত্ৰ সমালোচনাৰ সন্মুখীন হৈছে অসম ক্ৰিকেট সন্থা

  • Share this:
অসম ক্ৰিকেট সন্থাৰ চূড়ান্ত দায়িত্বজ্ঞানহীনতাৰ বাবে সমগ্ৰ বিশ্বৰ ওচৰত লজ্জানত হ’ল অসম। দেওবাৰে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত আছিল ভাৰত–শ্ৰীলংকাৰ মাজৰ T-20 শৃংখলাৰ প্ৰথমখন খেল। সমগ্ৰ বিশ্বক আচৰিত কৰা আৰু অসমক লজ্জানত কৰি বৰ্ষাপাৰা ষ্টেডিয়ামত পিটছ শুকুৱাবলৈ অসম ক্ৰিকেট সন্থাই আনিলে হেয়াৰ ড্ৰায়াৰ, ঘৰ চাফা কৰা ভেকুৱাম ক্লিনাৰ আৰু ইস্ত্ৰি।



এনে চূড়ান্ত দায়িত্বহীন কাণ্ডৰ বাবে অসম ক্ৰিকেট সন্থা এতিয়া সৰ্বত্ৰ সমালোচনাৰ সন্মুখীন হৈছে। টিম ইণ্ডিয়াৰ প্ৰাক্তন তাৰকা খেলুৱৈয়ে তীব্ৰ সমালোচনা কৰিছে অসম ক্ৰিকেট সন্থাক। গৌতম গম্ভীৰ, ভিভিএচ লক্ষ্মণে বিষয়টোত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। বিষয়টোত বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে হস্তক্ষেপ কৰাতো বিচাৰিছে দুয়োগৰাকী প্ৰাক্তন খেলুৱৈয়ে।
আৰু চাওক
পৰৱৰ্তী বাতৰি