চেলুনৰ হেয়াৰ ড্ৰায়াৰ–ধোবাৰ ইষ্ট্ৰিৰে পিট্ছ শুকুওৱাৰ চেষ্টা , ACAৰ কাণ্ডজ্ঞানহীনতাৰ বাবে বাতিল ভাৰত–শ্ৰীলংকাৰ T–20 মেচ

News18 Assam | News18-Assam
Updated:January 6, 2020, 8:09 AM IST
চেলুনৰ হেয়াৰ ড্ৰায়াৰ–ধোবাৰ ইষ্ট্ৰিৰে পিট্ছ শুকুওৱাৰ চেষ্টা , ACAৰ কাণ্ডজ্ঞানহীনতাৰ বাবে বাতিল ভাৰত–শ্ৰীলংকাৰ T–20 মেচ
ফটা টাৰ্প’লিনেৰে পিট্ছ ঢাকিবলৈ গৈ অসম ক্ৰিকেট সন্থাই উদঙাই দিলে নিজৰ নিৰ্লজ্জ স্বৰূপ।

ফটা টাৰ্প’লিনেৰে পিট্ছ ঢাকিবলৈ গৈ অসম ক্ৰিকেট সন্থাই উদঙাই দিলে নিজৰ নিৰ্লজ্জ স্বৰূপ।

  • Share this:
অসম ক্ৰিকেট সন্থাৰ চূড়ান্ত দায়িত্বজ্ঞানহীনতাৰ বাবে সমগ্ৰ বিশ্বৰ ওচৰত লজ্জানত হ’ল অসম। দেওবাৰে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত আছিল ভাৰত–শ্ৰীলংকাৰ মাজৰ T-20 শৃংখলাৰ প্ৰথমখন খেল। সমগ্ৰ বিশ্বক আচৰিত কৰা আৰু অসমক লজ্জানত কৰি বৰ্ষাপাৰা ষ্টেডিয়ামত পিটছ শুকুৱাবলৈ অসম ক্ৰিকেট সন্থাই আনিলে হেয়াৰ ড্ৰায়াৰ, ঘৰ চাফা কৰা ভেকুৱাম ক্লিনাৰ আৰু ইস্ত্ৰি।

টেলিভিচনত এই এই দৃশ্য সম্প্ৰচাৰ হোৱাৰ লগে লগে চচিয়েল মিডিয়াতো ভাইৰেল হৈ পৰে হেয়াৰ ড্ৰায়াৰ আৰু ইস্ত্ৰি লৈ পিট্ছ শুকুওৱাৰ ছবি। এই দৃশ্য দেখি বাকৰুদ্ধ হৈ পৰে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলি। কমেন্ট্রী বক্সত ভি বি এছ লক্ষ্মণ, আকাশ চোপ্ৰাৰ মাজতো উঠিল গুণগুণনি। অসম ক্ৰিকেট সন্থাৰ কাণ্ড দেখি তিনি আম্পায়াৰ, মেচ ৰেফাৰীও আচৰিত নহৈ নোৱাৰিলে। অৱশেষত পিট্ছ খেলৰ উপযোগী হৈ নুঠাৰ বাবেই বাতিল হ’ল ভাৰত শ্ৰীলংকাৰ তিনিখনীয়া T-20 শৃংখলাৰ প্ৰথমখন খেল।

৭ বজাৰ পৰা আৰম্ভ হ’বলগীয়া খেলৰ বাবে ১০ বজালৈ ষ্টেডিয়ামত শীত আৰু বৰষুণকো নেওচি অধীৰ আগ্ৰহেৰে ৰৈ আছিল দৰ্শক। কিন্তু অসম ক্ৰিকেট সন্থাৰ নিৰ্লজ্জ কাণ্ডৰ বাবে চেঁচাপানী পৰিল হাজাৰ হাজাৰ ক্ৰিকেট অনুগামীৰ আশাত।

মাত্ৰ এখন টাৰ্প’লিনৰ বাবে বিশ্বৰ সন্মুখত লজ্জানত হ’ল অসম। অসম ক্ৰিকেট সন্থাৰ চূড়ান্ত দায়িত্বহীনতা আৰু নিৰ্লজ্জ কাণ্ডৰ বাবে বৰ্ষাপাৰাত বাতিল হ’ল ভাৰত শ্ৰীলংকাৰ T-20 মেচ। ফটা টাৰ্প’লিনেৰে পিট্ছ ঢাকিবলৈ গৈ অসম ক্ৰিকেট সন্থাই উদঙাই দিলে নিজৰ নিৰ্লজ্জ স্বৰূপ।

দেওবাৰে খেল আৰম্ভ হোৱাৰ আগমুহূৰ্তত অহা ১৫ মিনিট মানৰ এজাক কিনকিনিয়াৰ বৰষুণৰ পৰা বৰ্ষাপাৰা ষ্টেডিয়ামৰ পিট্ছ ৰক্ষা কৰিব নোৱাৰিলে বিশ্বৰ ভিতৰতে আটাইতকৈ ধনী ক্ৰীড়া সংগঠন BCCIৰ অধীনস্থ অসম ক্ৰিকেট সন্থাই। অসম ক্ৰিকেট সন্থাৰ এই লজ্জাজনক কাণ্ডৰ বাবে এতিয়া বিশ্ববাসীৰ সন্মুখত লজ্জানত হৈছে অসম।

NEWS18 অসম  সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি