খন্তেক পিছতে ভাৰত–শ্ৰীলংকাৰ মহাৰণ, বেটিঙৰ বাবে সহায়ক হ’ব পিটচ

News18 Assam | News18-Assam
Updated:January 5, 2020, 5:24 PM IST
খন্তেক পিছতে ভাৰত–শ্ৰীলংকাৰ মহাৰণ, বেটিঙৰ বাবে সহায়ক হ’ব পিটচ
উত্‍কণ্ঠাৰ অৱসান ঘটিবলৈ আৰু কেইটামান ক্ষণৰ অপেক্ষা

উত্‍কণ্ঠাৰ অৱসান ঘটিবলৈ আৰু কেইটামান ক্ষণৰ অপেক্ষা

  • Share this:
উত্‍কণ্ঠাৰ অৱসান ঘটিবলৈ আৰু কেইটামান ক্ষণৰ অপেক্ষা। ৭ বজাৰ পৰা আৰম্ভ হ’ব গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত বহু অপেক্ষিত ভাৰত আৰু শ্ৰীলংকাৰ মাজত টি২০ মেচ। পিটচ বিশেষজ্ঞই কোৱা মতে বেটিঙৰ বাবে সহায়ক হ’ব বৰ্ষাপাৰাৰ উইকেট। ফলত বৃহত্‍ স্কৰৰ মেচ দৰ্শকে উপভোগ কৰিবলৈ পাব বুলি আশা কৰা হৈছে।

উল্লেখযোগ্য যে, অনুশীলনৰ সময়ত বিৰাট কোহলীয়ে হাতত কিছু আঘাত পাইছিল যদিও এতিয়া প্ৰায় সুস্থ হৈ উঠিছে।

সম্ভাব্য ভাৰতীয় একাদশ– কেএল ৰাহুল, শিখৰ ধাৱান, বিৰাট কোহলী, আয়াৰ, ঋষভ পণ্ট, শিভম ডোবে, ৰবীন্দ্ৰ জাদেজা, ৱাছিংণ্টন সুন্দৰ, যচপ্ৰীত বুমৰাহ, নৱদ্বীপ চনী, কুলদ্বীপ যাদৱ, য়ুছৱেন্দৰ চহল।
আৰু চাওক
পৰৱৰ্তী বাতৰি