বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় দলে গেৰুৱা ৰঙৰ জাৰ্চী পৰিধান কৰিছিল। এতিয়া ভাৰতীয় জাৰ্চীৰ সন্দৰ্ভত আন এক নতুন খবৰ চৰ্চালৈ আহিছে। ৱেষ্ট ইণ্ডিজ ভ্ৰমণ শেষ হোৱাৰ পিছতে ভাৰতীয় ক্ৰিকেটৰ জাৰ্চীত দেখিবলৈ পোৱা যাব এক পৰিৱৰ্তন।
ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্চীৰ পৰা আঁতৰিব চীনৰ প্ৰতিষ্ঠান OPPO ৰ নাম। কিন্তু কেইদিনমান পাছতে OPPO ৰ সলনি ভাৰতীয় প্ৰতিষ্ঠান BYJU'S নাম দেখিবলৈ পোৱা যাব ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্চীত। অৰ্থাৎ BYJU'S Sponsor কৰিব ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্চীক। উল্লেখযোগ্য যে ২০১৭ চনত ‘OPPO’ ক ১০৭৯ কোটি টকাৰ ৰাইটচত পাঁচ বছৰৰ বাবে ভাৰতীয় দলৰ জাৰ্চী ‘Sponsor’ কৰিবলৈ দিছিল BCCI-এ।কিন্তু ম্যাদ উকলাৰ আগতেই এতিয়া জাৰ্চীৰ Sponsorship সলনি কৰাৰ সিদ্ধান্ত লৈছে BCCI–এ। এতিয়া ৱেষ্ট ইণ্ডিজৰ লগত ভাৰতে ভাগ ল’বলগীয়া শৃংখলাৰ পিছতে OPPO আঁতৰিব ভাৰতীয় দলৰ জাৰ্চীৰ পৰা।
যদিও নতুন ‘Sponsor’ ৰ বাবে বিচিচিআইয়ে নিলাম প্ৰক্ৰিয়া অনুষ্ঠিত কৰিব, তথাপিও BYJU'S –এ এই সুবিধা লাভ কৰাতো প্ৰায় নিশ্চিত!
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|