বিশ্বকাপত যোগ্যতা অৰ্জনৰ যুঁজঃ গুৱাহাটী পালেহি ওমান ফুটবল দল

মহানগৰীৰ হোটেল নভোটেলত অসমীয়াৰ চেনেহৰ গামোচাৰে আদৰিলে দুয়োটা দলৰ খেলুৱৈক

News18-Assam
Updated:September 2, 2019, 10:47 PM IST
বিশ্বকাপত যোগ্যতা অৰ্জনৰ যুঁজঃ গুৱাহাটী পালেহি ওমান ফুটবল দল
Source-Google
News18-Assam
Updated: September 2, 2019, 10:47 PM IST
নিলয় ভট্টাচাৰ্যঃ ভাৰত-ওমানৰ মাজত হ’ব লগীয়া  বিশ্বকাপৰ যোগ্যতা অৰ্জনকাৰী মেচলৈ মাজত মাত্ৰ দুটা দিন। খেলখনত ভাগ লোৱাৰ উদ্দেশ্যে ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈছে ওমান দল। বিমান বন্দৰত দলটোক আদৰণি জনোৱাৰ পিছতে মহানগৰৰ হোটেল নভোটেললৈ লৈ যোৱা হয়।

ইফালে সৰুসজাই ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত হ’ব লগীয়া এই মেচখনক লৈ ক্ৰীড়াপ্ৰেমীৰ মাজত ব্যাপক উৎসাহ-উদ্দীপনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।ইতিমধ্যে দৰ্শকৰ বাবে অনলাইনযোগে মুকলি কৰি দিয়া টিকট বিক্ৰীও উৎসাহজনক। ইতিমধ্যে ২০০ টকীয়া টিকট শেষ হৈছে যদিও ৩ ছেপ্তেম্বৰ অৰ্থাৎ মঙলবাৰৰ পৰা সৰুসজাই ষ্টেডিয়াম কাউণ্টাৰত টিকট বিক্ৰীৰ ব্যৱস্থা কৰা হ’ব বুলি জানিবলৈ দিছে আয়োজক পক্ষই।
আৰু চাওক পৰৱৰ্তী বাতৰি