বিশ্বকাপ জিকাৰ পিছত ভাৰতীয় ক্ৰিকেটাৰক দুৰ্ব্যৱহাৰ বাংলাদেশৰ খেলুৱৈৰ, চাওক Video

News18 Assam | News18-Assam
Updated:February 10, 2020, 9:54 AM IST
বিশ্বকাপ জিকাৰ পিছত ভাৰতীয় ক্ৰিকেটাৰক দুৰ্ব্যৱহাৰ বাংলাদেশৰ খেলুৱৈৰ, চাওক Video
খেলৰ অন্তত ভাৰতৰ অধিনায়ক প্ৰিয়ম গাৰ্গে কয় যে বাংলাদেশৰ খেলুৱৈৰ ব্যৱহাৰ আছিল অত্যন্ত বেয়া। খেলখন আৰম্ভ হোৱাৰ পিছৰে পৰা দেখা গৈছিল দুয়ো দলৰ সংঘাত।

খেলৰ অন্তত ভাৰতৰ অধিনায়ক প্ৰিয়ম গাৰ্গে কয় যে বাংলাদেশৰ খেলুৱৈৰ ব্যৱহাৰ আছিল অত্যন্ত বেয়া। খেলখন আৰম্ভ হোৱাৰ পিছৰে পৰা দেখা গৈছিল দুয়ো দলৰ সংঘাত।

  • Share this:
প্ৰথমবাৰলৈ ১৯ বছৰ অনূৰ্ধ্বৰ ক্ৰিকেট বিশ্বকাপত চেম্পিয়ন হ’ল বাংলাদেশ। ফাইনেলত ভাৰতক পৰাজিত কৰি এই ইতিহাস ৰচিলে বাংলাদেশে। কিন্তু খেলখনত জয়লাভ কৰাৰ পিছত যেন সীমা চেৰাই গ’ল বাংলাদেশৰ ক্ৰিকেটাৰসকলে। যাৰ ফলত সংঘাতৰ সৃষ্টি হয় দুয়োটা দলৰ মাজত। তৰ্কাতৰ্কিৰ পিছত হতাহতিলৈ ৰূপান্তৰ হয় সংঘাত। পিছত বাংলাদেশৰ অধিনায়ক আকবৰ আলীয়ে নিজৰ খেলুৱৈসকলৰ এই কাণ্ডৰ বাবে ক্ষমা বিচাৰে। এই বিষয়টো গুৰুত্ব সহকাৰে লৈছে আই চি চিয়েও।

খেলৰ অন্তত ভাৰতৰ অধিনায়ক প্ৰিয়ম গাৰ্গে কয় যে বাংলাদেশৰ খেলুৱৈৰ ব্যৱহাৰ আছিল অত্যন্ত বেয়া। উল্লেখযোগ্য, খেলখন আৰম্ভ হোৱাৰ পিছৰে পৰা দেখা গৈছিল দুয়ো দলৰ সংঘাত।

খেলৰ দ্বিতীয় অভাৰতে তানজিম হাছান ছাকিবৰ থ্ৰ’ত দিব্যাংশ ছাক্সেনা আউট হোৱাৰ পৰা ৰক্ষা পৰে। অনুমান হয়, ছাকিবে জানি–বুজিয়ে চাক্সেনাৰ মূৰত আঘাত কৰিব বিচাৰিছিল। ইয়াৰ উপৰি ভাৰতীয় বেটছমেন আউট হ’লেই বাংলাদেশৰ খেলুৱৈয়ে কৰিছিল অভদ্ৰ আচৰণ।

বাংলাদেশৰ অধিনায়ক আকবৰ আলীয়ে নিজৰ খেলুৱৈসকলৰ এই আচৰণক লৈ কয় যে যি হ’ল এটা অতি দুৰ্ভাগ্যজনক। আমাৰ খেলুৱৈসকল অধিক উৎসাহিত হৈ পৰিছিল। খেলৰ পিছত যি হ’ল সেয়া দুৰ্ভাগ্যজনক। মই ভাৰতক ধন্যবাদ জনাইছো। এয়া আমাৰ বাবে এক সপোন পূৰণ হোৱাৰ দৰেই। বিগত দুবছৰ ধৰি আমি বহুত কষ্ট কৰিছো আৰু আজি তাৰ ফল পাইছো।
আৰু চাওক
পৰৱৰ্তী বাতৰি