আজি দক্ষিণ আফ্ৰিকাৰ সৈতে ৰণত নামিব কোহলী বাহিনী, আজিৰ মেচখনৰ ১০টা গুৰুত্বপূৰ্ণ কথা

এই ১০টা কথা জানিলে আজিৰ খেলখন আপোনাৰ বাবে হৈ পৰিব অধিক ৰোমাঞ্চকৰ।

news18assam
Updated:June 5, 2019, 1:51 PM IST
আজি দক্ষিণ আফ্ৰিকাৰ সৈতে ৰণত নামিব কোহলী বাহিনী, আজিৰ মেচখনৰ ১০টা গুৰুত্বপূৰ্ণ কথা
এই ১০টা কথা জানিলে আজিৰ খেলখন আপোনাৰ বাবে হৈ পৰিব অধিক ৰোমাঞ্চকৰ।
news18assam
Updated: June 5, 2019, 1:51 PM IST
চলিত বিশ্বকাপৰ প্ৰথমখন খেলৰ বাবে সাজু হৈছে টীম ইণ্ডিয়া। বিয়লি ৩ বজাৰ পৰা ছাউথেম্পটনৰ ৰ’জ বাউল ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত–দক্ষিণ আফ্ৰিকাৰ খেল। কেইবাটাও দিশত আজিৰ মেচখন যথেষ্ট গুৰুত্বপূৰ্ণ। এফালে, অধিনায়ক কোহলীয়ে ভাঙিব পাৰে কেইবাটাও অভিলেখ, আনহাতে খেল অনুষ্ঠিত হ’বলগীয়া ষ্টেডিয়ামখনৰো আছে কেইবাটাও গুৰুত্বপূৰ্ণ দিশ। এই ১০টা কথা জানিলে আজিৰ খেলখন আপোনাৰ বাবে হৈ পৰিব অধিক ৰোমাঞ্চকৰ।

১. এদিনীয়াত ১১ হাজাৰ ৰানৰ অভিলেখ গঢ়িব পাৰে কোহলীয়ে
টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলীক এদিনীয়া ক্ৰিকেটত ১১ হাজাৰ ৰান সম্পূৰ্ণ কৰিবলৈ লাগে মাথোঁ আৰু ১৫৭ ৰান। এদিনীয়াত তেওঁৰ বৰ্তমান ৰান ১০,৮৪৩। যদি আজি খেলপথাৰত কোহলীৰ বেটৰ যাদু চলে তেন্তে ১১ হাজাৰ ৰানৰ সীমা অতিক্ৰম কৰাৰ সম্ভাৱনা আছে। বৰ্তমান এই অভিলেখ আছে শচীন তেণ্ডুলকাৰৰ নামত।

২. আন এক অভিলেখ ৰচিব পাৰে কোহলীয়ে
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২০ হাজাৰ ৰান সম্পূৰ্ণ কৰিবলৈ কোহলীক লাগে আৰু মাত্ৰ ২৮১ ৰান।

৩. ইংলেণ্ডৰ ৰ’জ বাউল খেলপথাৰ
ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত হ’বলগীয়া খেলখন অনুষ্ঠিত হ’ব ইংলেণ্ডৰ ছাউথম্পটন চহৰৰ ৰ’জ বাউল খেলপথাৰত। এই খেলপথাৰখন হেম্পছফায়াৰ কাউণ্টী ক্ৰিকেট ক্লাবৰ ঘৰ হিচাপে পৰিচিত, য’ত ২০০১ চনৰ পৰা খেল অনুষ্ঠিত হৈ আহিছে। এই খেলপথাৰখন প্ৰখ্যাত আৰ্কিটেক্ট মাইকেল হপকিন্সে ডিজাইন কৰিছে। ইয়াৰ বাউণ্ডেৰি আটাইতকৈ সৰু। ষ্ট্ৰেইটত ৭৬ মিটাৰ আৰু বাকীফালে ৭৯ৰ পৰা ৮২ মিটাৰ।

৪. জয় নে পৰাজয়
বিগত ৫খন বিশ্বকাপৰ অভিলেখ লক্ষ্য কৰিলে ৩খনত ভাৰতে জয়েৰে আৰম্ভণি কৰিছিল। যি দুখনত ভাৰত হাৰিছে, তাৰ ভিতৰত এখনত দক্ষিণ আফ্ৰিকাৰ সৈতে পৰাজয়বৰণ কৰিছে। ১৯৯৯ৰ বিশ্বকাপত ভাৰতে প্ৰথমখন মেচ খেলিছিল দক্ষিণ আফ্ৰিকাৰ সৈতে। এই খেলখনত ৪ উইকেটত পৰাস্ত হৈছিল ভাৰত। যদি আজি দক্ষিণ আফ্ৰিকা পৰাজিত হয়, তেন্তে প্ৰথমবাৰলৈ দক্ষিণ আফ্ৰিকা ক্ৰমাগতভাৱে তিনিখন খেলত পৰাজয়বৰণ কৰিব।

৫. বতৰ কেনেকুৱা হ’ব
আজিৰ খেলখনত বতৰেও ল’ব গুৰুত্বপূৰ্ণ ভূমিকা। বতৰ ফৰকাল হৈ থাকিব আৰু আৰম্ভণিতে বেগী বলাৰৰ প্ৰদৰ্শন উন্নত হ’ব। কিন্তু বাকী খেল স্পীনাৰ আৰু বেট্ছমেনৰ ওপৰত নিৰ্ভৰ কৰিব।

৬. বেট্ছমেনৰ বাবে সহায়ক হ’ব পিট্ছ
ইংলেণ্ডৰ এই খেলপথাৰত প্ৰথমবাৰলৈ অনুষ্ঠিত হৈছে বিশ্বকাপ। ৰ’জ বাউলৰ পিট্ছ বেটিঙৰ বাবে সহায়ক। সেয়েহে ভাৰত–দক্ষিণ আফ্ৰিকাৰ মাজৰ খেলখনত ৰানৰ অভিলেখ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে।

৭. দক্ষিণ আফ্ৰিকাৰ খেলুৱৈৰ আঘাত
দক্ষিণ আফ্ৰিকা আজিৰ খেলখনত বিপদত পৰিব পাৰে। কিয়নো দলটোৰ তিনিজন খেলুৱৈ আঘাতপ্ৰাপ্ত। বেগী বলাৰ ডেল ষ্টেন, হাছিম আমলা আৰু লুনগী এনগিডী আঘাতপ্ৰাপ্ত হৈছে। ডেল ষ্টেন আৰু হাছিম আমলাই আজি খেলিব নোৱাৰে, তাৰ বিপৰীতে লুনগীক লৈ এতিয়াও স্পষ্ট সিদ্ধান্ত হোৱা নাই। ইফালে, ভাৰতৰ ১৫জন খেলুৱৈয়ে সম্পূৰ্ণ ফিট।

৮. ভাৰতৰ শক্তিশালী বেটিং–বলিং
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিবলগীয়া ভাৰতীয় দলটো যথেষ্ট শক্তিশালী। বেটিং–বলিং উভয়তে শক্তিশালী টীম ইণ্ডিয়া। দলটোত আছে কুলদীপ যাদৱ, চহল, ভুবনেশ্বৰ কুমাৰ আৰু মহম্মদ ছামীৰ দলে বলাৰ। আনহাতে বেটিং লাইন চম্ভালিব কোহলী, ধোনী, ধৱন আৰু ৰোহিত শৰ্মাই।

৯. ছাউথহল, ‘ছোটা পাঞ্জাব’
ইংলেণ্ডৰ ছাউথহল চহৰক ‘ছোটা পঞ্জাৱ’ বুলিও কোৱা হয়। ইয়াত বহুসংখ্যক ভাৰতীয় লোক আছে। যদি আপুনি খেল চাবলৈ যায়, তেন্তে আপোনাৰ অনুভৱ নহ’ব যে আপুনি নিজৰ দেশত নাই।

১০. এইকেইটা অভিলেখৰ ওপৰত থাকিব নজৰ
ৰোহিত শৰ্মাই এটা চাৰি কোবালেই এদিনীয়াত তেওঁৰ ৭০০টা চাৰি সম্পূৰ্ণ হ’ব। ২০ ৰান সংগ্ৰহ কৰিলে শিখৰ ধৱনৰ সম্পূৰ্ণ হ’ব ৯০০০ ৰান। এই খেলখনত ৰোহিত শৰ্মাই ৭৪ ৰান সংগ্ৰহ কৰিব পাৰিলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১২ হাজাৰ ৰান সম্পূৰ্ণ কৰিব।
আৰু চাওক পৰৱৰ্তী বাতৰি