মাৰাত্মক কোৰোণা ভাইৰাছে বিশ্বজুৰি ১৬ হাজাৰৰো অধিক লোকৰ প্ৰাণ কাঢ়িছে। বিশ্বৰ প্ৰায় ৪ লাখ লোক আক্ৰান্ত হৈছে এই মহামাৰীত। এই মহামাৰীৰ বাবে বিশ্বজুৰি শেহতীয়াকৈ অনুষ্ঠিত হ’বলগীয়া খেলসমূহো স্থগিত কৰা হৈছে। কিন্তু এতিয়া এই ভাইৰাছৰ প্ৰভাৱ অক্টোবৰ–নৱেম্বৰত হ’বলগীয়া টি–২০ বিশ্বকাপতো পৰাৰ সম্ভাৱনাই দেখা দিছে। আইচিচি টি–২০ বিশ্বকাপৰ আয়োজন এইবাৰ অষ্ট্রেলিয়াত হোৱাৰ কথা আছে।
১৮ অক্টোবৰৰ পৰা হ’বলগীয়া টি–২০ বিশ্বকাপৰ সপ্তম সংস্কৰণক লৈ এতিয়া সৃষ্টি হৈছে প্ৰশ্নবোধকৰ। কিয়নো অষ্ট্রেলিয়াতো ত্ৰাসৰ সৃষ্টি কৰিছে এই ভাইৰাছে। অষ্ট্রেলিয়াত ২ হাজাৰৰো অধিক লোক কবলত পৰিছে কোৰোণাৰ।
এতিয়া আইচিচিয়ে টি–২০ বিশ্বকাপৰ আয়োজনক লৈ আৰম্ভ কৰিছে সমীক্ষা। ২৯ মাৰ্চত ইয়াকে লৈ সিদ্ধান্ত গ্ৰহণ কৰিব আইচিচিয়ে। এই সন্দৰ্ভত বিভিন্ন দেশৰ ক্ৰিকেট ব’ৰ্ডৰ সৈতে টেলিকনফাৰেন্সিং কৰিব। এই টেলিকনফাৰেন্সিঙত ভাৰতৰ হৈ কোনে প্ৰতিনিধিত্ব কৰিব সেয়া নিশ্চিত হোৱা নাই। বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে এই বৈঠকত অংশগ্ৰহণ কৰিব পাৰে।