তৃতীয়বাৰলৈ ভাৰত হ’বনে বিশ্ব চেম্পিয়ন? আজি প্ৰথমখন যুঁজত নামিব টীম ইণ্ডিয়া

আজিৰ দিনটোলৈ যেন অপেক্ষা কৰিছিল ভাৰতৰ ক্ৰিকেট অনুৰাগীসকলে। কাৰণ বিশ্বকাপত অংশগ্ৰহণকাৰী বাকী দলসমূহে ইতিমধ্যে ৰণত নামিছে। বাকী আছিল মাথোঁ ভাৰত।

news18assam
Updated:June 5, 2019, 7:29 AM IST
তৃতীয়বাৰলৈ ভাৰত হ’বনে বিশ্ব চেম্পিয়ন? আজি প্ৰথমখন যুঁজত নামিব টীম ইণ্ডিয়া
আজিৰ দিনটোলৈ যেন অপেক্ষা কৰিছিল ভাৰতৰ ক্ৰিকেট অনুৰাগীসকলে। কাৰণ বিশ্বকাপত অংশগ্ৰহণকাৰী বাকী দলসমূহে ইতিমধ্যে ৰণত নামিছে। বাকী আছিল মাথোঁ ভাৰত।
news18assam
Updated: June 5, 2019, 7:29 AM IST
আজি ২০১৯ চনৰ বিশ্বকাপ ক্ৰিকেটৰ প্ৰথমখন মেচত অৱতীৰ্ণ হ’ব কোহলী বাহিনী। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে যুঁজত নামিব টীম ইণ্ডিয়া। আজিৰ দিনটোলৈ যেন অপেক্ষা কৰিছিল ভাৰতৰ ক্ৰিকেট অনুৰাগীসকলে। কাৰণ বিশ্বকাপত অংশগ্ৰহণকাৰী বাকী দলসমূহে ইতিমধ্যে ৰণত নামিছে। বাকী আছিল মাথোঁ ভাৰত। বিশ্বকাপত দক্ষিণ আফ্ৰিকাই চাৰিখন মেচৰ ভিতৰত তিনিখনতে ভাৰতক পৰাজিত কৰিছে। এনে অৱস্থাত দক্ষিণ আফ্ৰিকাক সহজভাৱে লৈ ভুল নকৰে কোহলীয়ে। বিয়লি ৩ বজাৰ পৰা ছাউথেম্পটনৰ ৰ’জ বাউল ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত–দক্ষিণ আফ্ৰিকাৰ খেল।

প্ৰথম খেলৰ পৰাই ভাৰতে উন্নত প্ৰদৰ্শন ধৰি ৰখাটো গুৰুত্বপূৰ্ণ হ’ব। কাৰণ এই খেলখনৰ পৰাই বুজা যাব ভাৰতে চাৰি নম্বৰৰ সমস্যা সমাধান কৰিব পাৰিব নে নোৱাৰে। ইতিমধ্যে ইংলেণ্ড, দক্ষিণ আফ্ৰিকা, পাকিস্তান, শ্ৰীলংকা আৰু আফগানিস্তানে চলিত বিশ্বকাপত দুখনকৈ খেল খেলিছে।

বিশ্বকাপ : চাৰিখন খেলৰ তিনিখনতে দক্ষিণ আফ্ৰিকাই হৰুৱাইছে ভাৰতক

দক্ষিণ আফ্ৰিকা দলে যদিও চলিত বিশ্বকাপৰ দুখন মেচত হাৰিছে, তথাপি ভাৰতে দলটোক দুৰ্বল হিচাপে লোৱাটো ভুল হ’ব। কাৰণ ক্ৰিকেটৰ এই মহাৰণত ভাৰতৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাই চাৰিখন খেলৰ তিনিখনতে ভাৰতক পৰাস্ত কৰিছে। চলিত বিশ্বকাপৰ প্ৰথমখন মেচত ইংলেণ্ড আৰু দ্বিতীয়খনত বাংলাদেশৰ হাতত পৰাস্ত হৈছে দক্ষিণ আফ্ৰিকা। যদি ভাৰতৰ হাতত পৰাস্ত হয় তেন্তে ছেমি ফাইনেলত প্ৰৱেশ কৰাটো কঠিন হ’ব।

৭ বছৰ ধৰি ICC টুৰ্ণামেণ্টত দক্ষিণ আফ্ৰিকাৰ হাতত পৰাস্ত হোৱা নাই ভাৰত
যদি বিগত কেইটামান বছৰলৈ উভতি যোৱা যায়, ICC টুৰ্ণামেণ্টত দক্ষিণ আফ্ৰিকাৰ হাতত পৰাস্ত হোৱা নাই ভাৰত। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বিজয়ৰ ধাৰা ২০১২ চনৰ পৰা অব্যাহত আছে। টীম ইণ্ডিয়াই ২০১২ৰ টি–২০ত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰিছিল। ইয়াৰ পিছত ২০১৩ৰ চেম্পিয়ন ট্ৰফী, ২০১৪ত টি–২০ বিশ্বকাপ, ২০১৫ত বিশ্বকাপ আৰু ২০১৭ত চেম্পিয়ন ট্ৰফী হস্তগত কৰিছে ভাৰতে। ২০১৫ চনত প্ৰথমবাৰ বিশ্বকাপত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰিছে টীম ইণ্ডিয়াই।

গুৰুত্বপূৰ্ণ মাইণ্ড গেম

খেলৰ পূৰ্বে আৰম্ভ হৈছে মাইণ্ড গেম। দক্ষিণ আফ্ৰিকাৰ খেলুৱৈ কেগিছ’ ৰাবাডাই ভাৰতৰ অধিনায়ক বিৰাট কোহলীক অপৰিপক্ক বুলি কৈছে। তাৰ প্ৰত্যুত্তৰত কোহলীয়ে কয় যে ৰাবাডাৰ এই মন্তব্যৰ উত্তৰ তেওঁ ৰাজহুৱাভাৱে নিদিয়ে। ৰাবাডাৰ সৈতে মিলি কথা পাতিব।
আৰু চাওক পৰৱৰ্তী বাতৰি