‘বলিদান’ গ্ল’ভছ পিন্ধিবনে নাই ধোনীয়ে? কি ক’লে ৰোহিত শৰ্মাই?

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দেওবাৰে হ’বলগীয়া খেলতহে গম পোৱা যাব ধোনীয়ে এই বেজযুক্ত গ্ল’ভছ পিন্ধিবনে নাই।

news18assam
Updated:June 9, 2019, 10:53 AM IST
‘বলিদান’ গ্ল’ভছ পিন্ধিবনে নাই ধোনীয়ে? কি ক’লে ৰোহিত শৰ্মাই?
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দেওবাৰে হ’বলগীয়া খেলতহে গম পোৱা যাব ধোনীয়ে এই বেজযুক্ত গ্ল’ভছ পিন্ধিবনে নাই।
news18assam
Updated: June 9, 2019, 10:53 AM IST
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলিত বিশ্বকাপৰ প্ৰথমখন খেলত এম এছ ধোনীয়ে ‘বলিদান’ গ্ল’ভছ পিন্ধাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ICC–এ ধোনীৰ উক্ত গ্ল’ভছ আঁতৰোৱাৰ বাবে BCCIক অনুৰোধ জনোৱাৰ বিপৰীতে বহুসংখ্যক অনুৰাগী থিয় দিছে ধোনীৰ পক্ষত। এই সন্দৰ্ভত ভাৰতীয় ক্ৰিকেট দলৰ সহঃ অধিনায়ক ৰোহিত শৰ্মাই কয় যে এই বিষয়ে মই একো নাজানো, গতিকে কোনো মন্তব্য কৰিব নিবিচাৰো। ৰোহিতে কয় যে ধোনী দলৰ অধিনায়ক নহয়। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দেওবাৰে হ’বলগীয়া খেলতহে গম পোৱা যাব ধোনীয়ে এই বেজযুক্ত গ্ল’ভছ পিন্ধিবনে নাই।

উল্লেখযোগ্য যে চলিত বিশ্বকাপৰ প্ৰথমখন খেলত ধোনীয়ে পিন্ধিছিল সেনাৰ প্ৰতীক চিহ্ন থকা গ্ল’ভছ। ইয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছতে আই চি চিয়ে আপত্তি দৰ্শাই ধোনীৰ গ্ল’ভছৰ পৰা এই প্ৰতীক চিহ্ন আঁতৰাবলৈ অনুৰোধ জনাইছিল। বহু অনুৰাগীয়ে ধোনীক সমৰ্থন জনাই ছচিয়েল মিডিয়াত প্ৰকাশ কৰিছিল প্ৰতিক্ৰিয়া। এতিয়া আজিৰ খেলখনত ধোনীয়ে এই বেজযুক্ত গ্ল’ভছ ব্যৱহাৰ কৰিবনে নাই সেয়া লক্ষণীয় হ’ব। আজি অ’ভেলত অনুষ্ঠিত হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ খেল।
আৰু চাওক পৰৱৰ্তী বাতৰি