কেইবাটাও অভিলেখৰ গৰাকী হ’ল বিস্ফোৰক বেটছমেন ৰোহিত শৰ্মা

বিশ্বকাপত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শতৰান অৰ্জন কৰা ৰোহিত শৰ্মা হ’ল তৃতীয়জন ভাৰতীয় খেলুৱৈ।

news18assam
Updated:June 6, 2019, 7:24 AM IST
কেইবাটাও অভিলেখৰ গৰাকী হ’ল বিস্ফোৰক বেটছমেন ৰোহিত শৰ্মা
বিশ্বকাপত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শতৰান অৰ্জন কৰা ৰোহিত শৰ্মা হ’ল তৃতীয়জন ভাৰতীয় খেলুৱৈ।
news18assam
Updated: June 6, 2019, 7:24 AM IST
বিশ্বকাপৰ প্ৰথমখন খেলতে শতৰান অৰ্জন কৰা বিস্ফোৰক বেটছমেন ৰোহিত শৰ্মাই গঢ়িলে কেইবাটাও অভিলেখ। এদিনীয়াত আটাইতকৈ বেছি শতক অৰ্জনৰ ক্ষেত্ৰত প্ৰাক্তন ভাৰতীয় অধিনায়ক সৌৰভ গাংগুলী আৰু শ্ৰীলংকাৰ বিস্ফোৰক বেটছমেন তিলকৰত্নে দিলছানক পিছ পেলালে ৰোহিত শৰ্মাই। ভাৰতৰ হৈ সৰ্বাধিক এদিনীয়া শতক অৰ্জন কৰা ৰোহিত শৰ্মা হ’ল তৃতীয়জন খেলুৱৈ। তেওঁৰ আগত আছে শচীন তেণ্ডুলকাৰ (৪৯) আৰু বিৰাট কোহলী (৪১)।

বিশ্বকাপত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শতৰান অৰ্জন কৰা ৰোহিত শৰ্মা হ’ল তৃতীয়জন ভাৰতীয় খেলুৱৈ। ৰোহিত শৰ্মাৰ পূৰ্বে ২০১১ চনত নাগপুৰত শচীন তেণ্ডুলকাৰে আৰু ২০১৫ চনৰ বিশ্বকাপত মেলবৰ্ণত শিখৰ ধৱনে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শতৰান অৰ্জন কৰিছিল।

যদি ভাৰতীয় খেলুৱৈয়ে বিদেশত অৰ্জন কৰা শতৰানৰ কথা কোৱা হয় তেন্তে এই তালিকাত তৃতীয় স্থানলৈ উন্নীত হ’ল ৰোহিত শৰ্মা। বিদেশত এয়া ১২সংখ্যক শতৰান ৰোহিতৰ। তাৰ আগত বিদেশত শচীন তেণ্ডুলকাৰে ২৬টা আৰু সৌৰভ গাংগুলীয়ে ১৫টা শতৰান অৰ্জন কৰিছিল। ৰোহিত শৰ্মাই সতীৰ্থ খেলুৱৈ শিখৰ ধৱনক পিছ পেলালে। শিখৰ ধৱনে বিদেশত এইপৰ্যন্ত অৰ্জন কৰিছে ১১টা শতৰান।
আৰু চাওক পৰৱৰ্তী বাতৰি