ধোনীৰ গ্ল’ভছত দেখা গ’ল ‘বলিদান’, সকলোৰে বাবে সহজ নহয় এই কাম!

news18assam
Updated:June 6, 2019, 9:47 AM IST
ধোনীৰ গ্ল’ভছত দেখা গ’ল ‘বলিদান’, সকলোৰে বাবে সহজ নহয় এই কাম!
news18assam
Updated: June 6, 2019, 9:47 AM IST
ইংলেণ্ডৰ ছাউথেম্পটনত বিজয়েৰে বিশ্বকাপৰ অভিযান আৰম্ভ কৰিলে টীম ইণ্ডিয়াই। ক্ৰিকেটৰ এই মহাকুম্ভত প্ৰথমখন খেলত দক্ষিণ আফ্ৰিকাক ৬ উইকেটত পৰাস্ত কৰে ভাৰতে। ৰোহিত শৰ্মাৰ আকৰ্ষণীয় শতৰান, য়ুজবেন্দ্ৰ চহলৰ তীক্ষ্ণ বলিঙৰ সহায়ত সহজে জয়লাভ কৰিলে টীম ইণ্ডিয়াই। কিন্তু খেলৰ মাজতে সকলোকে আচৰিত কৰিলে মহেন্দ্ৰ সিং ধোনীৰ উইকেট কিপিং গ্ল’ভছে। ধোনীৰ গ্ল’ভছত দেখা গৈছিল বিশেষ প্ৰতীক চিহ্ন, যাক যিকোনো ব্যক্তিয়ে ব্যৱহাৰ কৰিব নোৱাৰে। এই বেজ ব্যৱহাৰ কৰে পেৰা–কমাণ্ডোৱে। এই বেজক ‘বলিদান বেজ’ নামেৰে জনা যায়।

পেৰাছ্যুট ৰেজিমেণ্টৰ বিশেষ বাহনীয়ে ব্যৱহাৰ কৰে এই বেজ। এই বেজত ‘বলিদান’ শব্দটো দেৱনাগৰী লিপিত লিখা থাকে। ৰূপেৰে প্ৰস্তুত কৰা হয় এই বেজ। কেৱল পেৰা কমাণ্ডোৱে ব্যৱহাৰ কৰে এই বেজ।



ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীক ক্ৰিকেটৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ২০১১ চনত টেৰিটৰিয়েল আৰ্মীৰ লেফটেনেণ্ট কৰ্ণেল পদৰ সন্মান দিয়া হৈছিল। এই সন্মান লাভ কৰা কপিল দেৱৰ পিছত ধোনী দ্বিতীয়গৰাকী ভাৰতীয় খেলুৱৈ।

ধোনীক এই সন্মান এইকাৰণে দিয়া হৈছে, কাৰণ তেওঁ যুৱ প্ৰজন্মৰ ‘আইকন’। যুৱকসকলক সেনা বাহিনীত যোগদানৰ বাবে উৎসাহিত কৰে। ধোনী নিজেই এগৰাকী প্ৰশিক্ষিত পেৰাট্ৰুপাৰ। তেওঁ পেৰা বেছিক ক’ৰ্চ কৰিছে আৰু পেৰাট্ৰুপাৰ উইংছ পৰিধান কৰে। মহেন্দ্ৰ সিং ধোনীয়ে টেৰিটৰিয়েল আৰ্মীৰ ১০৬ পেৰাছ্যুট ৰেজিমেণ্টত সন্মানীয় লেফটেনেণ্ট কৰ্ণেল হিচাপে নিজৰ স্থান প্ৰতিপন্ন কৰি দেখুৱাইছে।

২০১৫ চনত ধোনী পেৰাট্ৰুপাৰৰ প্ৰশিক্ষণ লাভ কৰে। আগ্ৰাৰ পেৰাট্ৰুপাৰ্ছ প্ৰশিক্ষণ স্কুলত ভাৰতীয় বায়ুসেনাৰ এএন–৩২ বিমানৰ পৰা পঞ্চমটো জাঁপ সম্পূৰ্ণ কৰাৰ পিছতে তেওঁ পেৰা উইংছ প্ৰতীক চিহ্ন ব্যৱহাৰৰ যোগ্যতা লাভ কৰিছিল।

২০১৮ চনত ধোনীয়ে লাভ কৰে পদ্মভূষণ।


উল্লেখযোগ্য যে প্ৰশিক্ষণৰ সময়ত ধোনীয়ে ১২৫০ ফুট ওপৰৰ পৰা জঁপিয়াই ১ মিনিটতকৈ কম সময়ত মালপুৰা ড্ৰপিং জ’নৰ সমীপত সফলতাৰে নামিছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি