বিশ্বকাপ ক্ৰিকেট : ফিক্সিঙক লৈ কঠোৰ ICC, খেলুৱৈৰ সৈতে ছাঁৰ দৰে থাকিব এইসকল বিষয়া!

বিশ্বকাপত হ’ব পৰা ফিক্সিঙক লৈ বিশেষ সতৰ্কতা অৱলম্বন কৰিছে ICC–এ। ৩০ মে’ৰ পৰা ইংলেণ্ডত আৰম্ভ হ’বলগীয়া বিশ্বকাপ ক্ৰিকেটত ফিক্সিং ৰোধ কৰিবলৈ ICC–এ গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ।

news18assam
Updated:May 14, 2019, 4:48 PM IST
বিশ্বকাপ ক্ৰিকেট : ফিক্সিঙক লৈ কঠোৰ ICC, খেলুৱৈৰ সৈতে ছাঁৰ দৰে থাকিব এইসকল বিষয়া!
বিশ্বকাপত হ’ব পৰা ফিক্সিঙক লৈ বিশেষ সতৰ্কতা অৱলম্বন কৰিছে ICC–এ। ৩০ মে’ৰ পৰা ইংলেণ্ডত আৰম্ভ হ’বলগীয়া বিশ্বকাপ ক্ৰিকেটত ফিক্সিং ৰোধ কৰিবলৈ ICC–এ গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ।
news18assam
Updated: May 14, 2019, 4:48 PM IST
বিশ্বকাপ ক্ৰিকেটত হ’ব পৰা ফিক্সিঙক লৈ বিশেষ সতৰ্কতা অৱলম্বন কৰিছে ICC–এ। ৩০ মে’ৰ পৰা ইংলেণ্ডত আৰম্ভ হ’বলগীয়া বিশ্বকাপ ক্ৰিকেটত ফিক্সিং ৰোধ কৰিবলৈ ICC–এ গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া সকলো দলৰ সৈতে দুৰ্নীতি বিৰোধী বিষয়া থাকিব যিয়ে কোনো ধৰণৰ অনিয়ম নোহোৱাটো নিশ্চিত কৰিব।

ডেইলী টেলিগ্ৰাফৰ খবৰ অনুসৰি, এইসকল বিষয়াই উদ্বোধনী মেচৰ পৰা টুৰ্ণামেণ্টৰ শেষলৈকে দলৰ সৈতে থাকিব। উক্ত প্ৰতিবেদনত কোৱা হৈছে, ‘ইয়াৰ পূৰ্বে ICCৰ দুৰ্নীতি বিৰোধী বিষয়াই খেল অনুষ্ঠিত হ’বলগীয়া সকলো স্থানত উপস্থিত আছিল। সেইবাবে দলে কেইবাগৰাকীও বিষয়াৰ সৈতে যোগাযোগ কৰিব লাগিছিল। কিন্তু এইবাৰ এনেকুৱা নহয়। এতিয়া সকলো দলৰ সৈতে এজন বিষয়া টুৰ্ণামেণ্টৰ আৰম্ভণিৰ পৰা শেষলৈ থাকিব আৰু দল থকা হোটেলতে থাকিব।’

ICCৰ মতে, দলসমূহৰ সৈতে হোটেলত থাকিলে বিষয়াসকলে নিচেই কাষৰ পৰা খেলুৱৈসকলৰ ওপৰত চকু ৰাখিব পাৰিব আৰু কোনো ধৰণৰ সন্দেহজনক কাম–কাজৰ অনুসন্ধান কৰিব পাৰিব।

উল্লেখযোগ্য যে ৩০ মে’ৰ পৰা আই চি চি ক্ৰিকেট বিশ্বকাপ আৰম্ভ হ’ব। ইংলেণ্ড এণ্ড ৱেল্ছ ক্ৰিকেট ব’ৰ্ডৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপ ক্ৰিকেটত বিশ্বৰ শীৰ্ষৰ দহটা দলে অংশগ্ৰহণ কৰিব। ক্ৰিকেটৰ এই মহাৰণৰ প্ৰথমখন খেলত অৱতীৰ্ণ হ’ব আয়োজক ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকা। ৩০ মে’ত লণ্ডত অনুষ্ঠিত হ’ব খেলখন। ৫ জুনত ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব এইবাৰৰ বিশ্বকাপৰ প্ৰথমখন মেচ।
আৰু চাওক পৰৱৰ্তী বাতৰি