সাজু টীম ইণ্ডিয়া, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে কি ৰণকৌশল কোহলী বাহিনীৰ?

News18-Assam
Updated:June 9, 2019, 10:35 AM IST
সাজু টীম ইণ্ডিয়া, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে কি ৰণকৌশল কোহলী বাহিনীৰ?
বিশ্বকাপত এতিয়ালৈ ভাৰত–অষ্ট্ৰেলিয়াৰ মাজৰ ১১ খেলৰ ভিতৰত ৮খনতে জয়লাভ কৰিছে অষ্ট্ৰেলিয়াই। তাৰ বিপৰীতে টীম ইণ্ডিয়া বিজয়ী হৈছে তিনিখন খেলত।

বিশ্বকাপত এতিয়ালৈ ভাৰত–অষ্ট্ৰেলিয়াৰ মাজৰ ১১ খেলৰ ভিতৰত ৮খনতে জয়লাভ কৰিছে অষ্ট্ৰেলিয়াই। তাৰ বিপৰীতে টীম ইণ্ডিয়া বিজয়ী হৈছে তিনিখন খেলত।

  • Share this:
আজি চলিত বিশ্বকাপ ক্ৰিকেটৰ দ্বিতীয়খন মেচত অৱতীৰ্ণ হ’ব ভাৰত। প্ৰথমখন খেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ পিছত আজি অ’ভেলত ভাৰত মুখামুখি হ’ব ৫ বাৰৰ বিশ্ব চেম্পিয়ন অষ্ট্ৰেলিয়া। ভাৰত–অষ্ট্ৰেলিয়াৰ মেচ মানেই যেন ক্ৰিকেটপ্ৰেমীৰ মাজত বৃদ্ধি পায় আকৰ্ষণ। বিশ্বকাপত ভাৰত–অষ্ট্ৰেলিয়াৰ এয়া হ’ব দ্বাদশখন খেল।

প্ৰথমখন খেলত দক্ষিণ আফ্ৰিকাক ৬ উইকেটত পৰাস্ত কৰিছিল ভাৰতে। ইফালে, অষ্ট্ৰেলিয়াই ৭ উইকেটত আফগানিস্তানক আৰু ৱেষ্ট ইণ্ডিজক ১৫ ৰানত পৰাস্ত কৰি বিশ্বকাপৰ অভিযানত সুন্দৰ আৰম্ভণি ঘটাইছে। এনে অৱস্থাত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ ৰণনীতি কিমানদূৰ সফল হয় সেয়া খেলপথাৰত প্ৰতিপণ্ণ হ’ব।

বিশ্বকাপত এতিয়ালৈ ভাৰত–অষ্ট্ৰেলিয়াৰ মাজৰ ১১ খেলৰ ভিতৰত ৮খনতে জয়লাভ কৰিছে অষ্ট্ৰেলিয়াই। তাৰ বিপৰীতে টীম ইণ্ডিয়া বিজয়ী হৈছে তিনিখন খেলত। বৰ্তমান দুৰ্দান্ত ফৰ্মত আছে অষ্ট্ৰেলিয়া দলটো। ধাৰাবাহিকভাৱে ১০খন এদিনীয়াত বিজয় সাব্যস্ত কৰিছে কেংগাৰু বাহিনীয়ে। ইয়াৰ ভিতৰত ভাৰতৰ বিৰুদ্ধে জিকিছে তিনিখন খেল। টীম ইণ্ডিয়ায়ো প্ৰথমখন খেলত বিজয়েৰে আৰম্ভ কৰিছে অভিযান।

দুয়োটা দলতে আছে কেইবাগৰাকীও গুৰুত্বপূৰ্ণ খেলুৱৈ। অষ্ট্ৰেলিয়া দলত আছে এৰান ফিঞ্চ, উছমান খাজা, ডেভিদ ৱাৰ্ডানৰ, ষ্টীভ স্মিথৰ দৰে বেটছমেনৰ লগতে পেট কমিন্স, মিছেল ষ্টাৰ্কৰ দৰে দুৰ্দান্ত বলাৰ। ইফালে, টীম ইণ্ডিয়াত বিৰাট কোহলী, ৰোহিত শৰ্মা, শিখৰ ধৱন, কে এল ৰাহুল, এম এছ ধোনী, হাৰ্দিক পাণ্ডিয়াৰ দৰে বেটছমেনৰ লগতে য়ুজবেন্দ্ৰ চহল, কুলদীপ যাদৱ, ভুবনেশ্বৰ কুমাৰ, জছপ্ৰীত বুমৰাহ আৰু মহম্মদ স্বামীৰ দৰে বলাৰ।
আৰু চাওক
পৰৱৰ্তী বাতৰি