মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»'লাভলীনা মোৰ বান্ধৱী, তাই অলিম্পিকত পদক অৰ্জন কৰিব পাৰিব'- নেহৰু ষ্টেডিয়ামৰ ডাঙৰ পৰ্দাত অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান উপভোগ কৰি এই মন্তব্য হিমা দাসৰ

'লাভলীনা মোৰ বান্ধৱী, তাই অলিম্পিকত পদক অৰ্জন কৰিব পাৰিব'- নেহৰু ষ্টেডিয়ামৰ ডাঙৰ পৰ্দাত অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান উপভোগ কৰি এই মন্তব্য হিমা দাসৰ

News18 Assam | News18-Assam
Updated:July 24, 2021, 2:23 PM IST
'লাভলীনা মোৰ বান্ধৱী, তাই অলিম্পিকত পদক অৰ্জন কৰিব পাৰিব'- নেহৰু ষ্টেডিয়ামৰ ডাঙৰ পৰ্দাত অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান উপভোগ কৰি এই মন্তব্য হিমা দাসৰ
জাপানৰ ৰাজধানী চহৰ টকিঅ'ত আৰম্ভ হ'ল বিশ্ব শ্ৰেষ্ঠ ক্ৰীড়া মহাযুদ্ধ অলিম্পিক গেমছ। শুকুৰবাৰৰ সন্ধিয়া টকিঅ'ৰ নেছনেল অলিম্পিক ষ্টেডিয়ামত অনুষ্ঠিত হয় উদ্ধোধনী সমাৰোহ।

জাপানৰ ৰাজধানী চহৰ টকিঅ'ত আৰম্ভ হ'ল বিশ্ব শ্ৰেষ্ঠ ক্ৰীড়া মহাযুদ্ধ অলিম্পিক গেমছ। শুকুৰবাৰৰ সন্ধিয়া টকিঅ'ৰ নেছনেল অলিম্পিক ষ্টেডিয়ামত অনুষ্ঠিত হয় উদ্ধোধনী সমাৰোহ।

  • Share this:
জাপানৰ ৰাজধানী চহৰ টকিঅ'ত আৰম্ভ হ'ল বিশ্ব শ্ৰেষ্ঠ ক্ৰীড়া মহাযুদ্ধ অলিম্পিক গেমছ। শুকুৰবাৰৰ সন্ধিয়া টকিঅ'ৰ নেছনেল অলিম্পিক ষ্টেডিয়ামত অনুষ্ঠিত হয় উদ্ধোধনী সমাৰোহ। মেগনিফিচেণ্ট মেৰী কম আৰু মনপ্ৰীত সিঙে জাপানত ভাৰতীয় পতাকা উৰুৱাই নেতৃত্ব দিলে দেশক।

এইবাৰৰ টকিঅ' অলিম্পিক কোভিড প্ৰট'কলৰ মাজেৰে অনুষ্ঠিত হৈছে। এইবাৰ ৰাজ্যবাসীয়ে স্পৃণ্টাৰ হিমা দাসকলৈও যথেষ্ট সপোন দেখিছিল। সকলোৱে ভাবিছিল ধিং এক্সপ্ৰেছ হিমা দাসে টকিঅ' অলিম্পিকৰ পৰা এটা পদক কঢ়িয়াই আনিব। কিন্তু অসমৰ জনসাধাৰণৰ সেই সপোন বাস্তৱত ৰূপায়িত নহ'ল। হেমষ্ট্ৰিঙৰ আঘাতৰ বাবে অলিম্পিক গেমছলৈ  যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে জাকাৰ্টা এছিয়ান গেমছত দুটা স্বৰ্ণ আৰু এটা ৰূপৰ পদক অৰ্জন কৰা হিমা দাসে। সেয়েহে হিমা দাস নাই এইবাৰৰ ৩২ সংখ্যক অলিম্পিক গেমছত।

হিমা দাসে অলিম্পিকৰ  উদ্ধোধনী সমাৰোহ নেহৰু ষ্টেডিয়ামৰ ডাঙৰ পৰ্দাতে উপভোগ কৰি সতীৰ্থ বক্সাৰ লাভলীনা বৰগোঁহাইক অলিম্পিকৰ পদকৰ বাবে শুভেচ্ছা জনাই। "লাভলীনা মোৰ বান্ধৱী, তেওঁ টকিঅ'ত প্ৰথম ৰাউণ্ডত বাই পালে। পৰৱৰ্তী ৰাউণ্ডতো জিকিব আৰু অলিম্পিকত পদক অৰ্জনেৰে ইতিহাস ৰচনা কৰিব।" - এনেদৰে কয় হিমা দাসে।

বহু কষ্ট কৰাৰ পিছতো হেমষ্ট্ৰিঙৰ আঘাতৰ বাবে  টকিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰা হিমা দাসে শীঘ্ৰে ট্ৰেকলৈ প্ৰত্যাৱৰ্তন কৰিব বুলি ছচিয়েল মিডিয়া যোগে সকলোকে জনাইছিল। হিমা দাসে উল্লেখ কৰিছে যে, তেওঁৰ সন্মুখত এতিয়া এছিয়ান গেমছ, কমনৱেলথ গেমছ আৰু বিশ্ব চেম্পিয়নশ্বীপৰ খেল আছে।
Published by: Himangshu Bhuyan
First published: July 24, 2021, 2:18 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি