হেঙাৰ হ’ল নেকি দ্বাদশ শ্ৰেণীৰ পৰীক্ষা? ট্ৰেকৰ পৰা বাহিৰ হ’ব পাৰে স্বৰ্ণকন্যা!

দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ ৪৫ দিনৰ বাবে ট্ৰেকৰ পৰা বিৰতি লৈছিল হিমা দাসে

News18-Assam
Updated:August 13, 2019, 9:16 PM IST
হেঙাৰ হ’ল নেকি দ্বাদশ শ্ৰেণীৰ পৰীক্ষা? ট্ৰেকৰ পৰা বাহিৰ হ’ব পাৰে স্বৰ্ণকন্যা!
দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ ৪৫ দিনৰ বাবে ট্ৰেকৰ পৰা বিৰতি লৈছিল হিমা দাসে
News18-Assam
Updated: August 13, 2019, 9:16 PM IST
২০ অনুৰ্দ্ধৰ বিশ্ব চেম্পিয়ন স্বৰ্ণকন্যা হিমা দাসে ৪০০ মিটাৰ ইভেন্টত যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে। ৰাষ্ট্ৰীয় প্ৰশিক্ষণ শিৱিৰৰ পৰা আঁতৰি থকাৰ বাবেই হিমা বঞ্চিত হ’বলগীয়া হৈছিল প্ৰশিক্ষণৰ পৰা। ৪৫ দিনৰ বাবে ট্ৰেকৰ পৰা আতৰি থকা হিমাই এতিয়া ডোহাৰ বিশ্ব চেম্পিয়নশ্বিপত যোগ্যতা অৰ্জনৰ বাবে কৰিবলগীয়া হৈছে কঠোৰ সংগ্ৰাম।



এথলেটিকছ ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ উপ মুখ্য প্ৰশিক্ষক ৰাধাকৃষ্ণন নায়াৰে শুকুৰবাৰে এই কথা মুকলিকৈয়ে প্ৰকাশ কৰিছে এই কথা। হিমাৰ ৪০০ মিটাৰত এই বৰ্ষৰ শ্ৰেষ্ঠ প্ৰদৰ্শন হ’ল ৫২.০৯ ছেকেণ্ড,কিন্তু  বিশ্ব চেম্পিয়নশ্বিপত যোগ্যতা অৰ্জনৰ বাবে সময়ৰ মান ৫১.৮০ ছেকেণ্ড নিৰ্দ্ধাৰণ কৰা হৈছে। এথলেটিকছ ফেডাৰেশ্যনৰ আন এগৰাকী ভাৰতীয় বিষয়াৰ মতে ‘হিমাই যি সময়ত  বিৰতি লৈছিল, সেই সময় সঠিক নাছিল,কাৰণ ৪৫ দিনৰ বিৰতিয়ে এতিয়া  হিমাৰ প্ৰশিক্ষণৰ পৰিক্ৰমাটো ভাঙি দিলে।’

 

 

 
আৰু চাওক পৰৱৰ্তী বাতৰি