দুঃসংবাদ! কাটাৰৰ বিশ্ব এথলেটিকছৰ প্ৰাকক্ষণত ভাৰতীয় দলৰ পৰা বাদ পৰিল হিমা দাস

পিঠিৰ বিষৰ বাবে অংশ লোৱাৰ পৰা বঞ্চিত হিমা দাস।

News18
Updated:September 17, 2019, 11:36 AM IST
দুঃসংবাদ! কাটাৰৰ বিশ্ব এথলেটিকছৰ প্ৰাকক্ষণত ভাৰতীয় দলৰ পৰা বাদ পৰিল হিমা দাস
ফাইল ফটো
News18
Updated: September 17, 2019, 11:36 AM IST
বিপুল বৰ্মন, ছিনিয়ৰ ৰিপ’ৰ্টাৰঃ অসমৰ ক্ৰীড়া প্ৰেমীৰ বাবে দু:সংবাদ। ধিং এক্সপ্ৰেছ হিমা দাস বাদ পৰিল ভাৰতীয় দলৰ পৰা। ২৬ ছেপ্তেম্বৰৰ পৰা কাটাৰৰ ৰাজধানী ডোহাত অনুষ্ঠিত হবলগীয়া বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ দুটা ইভেন্টত অংশ লোৱা কথা আছিল হিমাৰ। কিন্ত পিঠিৰ আঘাতৰ বাবে ফেডাৰেছনে বিশ্ব চেম্পিয়নশ্বিপলৈ হিমাক নপঠিওৱাৰ সিদ্ধান্ত লৈছে । এই কথা নিউজ 18 ক জনালে অসম এথলেটিকছ সন্থাৰ কৰ্তৃপক্ষই। বিশ্ব চেম্পিয়নশ্বিপৰ ৪০০×৪ মহিলা ৰীলে আৰু ৪০০×৪ মিক্স ৰীলে ইভেন্টত অংশ লোৱাৰ কথা আছিল হিমা দাসৰ। সম্প্ৰতি চেক গনৰাজ্যত থকা হিমাৰ শেহতীয়া খবৰত দুখ অনুভৱ কৰিছে ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীয়ে। উল্লেখযোগ্য যে টকিঅ’ অলিম্পিক গেমছৰ পূৰ্বে ডোহাৰ বিশ্ব এথলেটিকছ অতি গুৰুত্বপূৰ্ণ আছিল হিমাৰ বাবে।
আৰু চাওক পৰৱৰ্তী বাতৰি