লক্ষ্য ফুটবল বিশ্বকাপ আৰু অলিম্পিক, ভাৰতীয় দলত অসমৰ হলিচৰণ নাৰ্জাৰী আৰু লাভলিনা বৰগোঁহাই

অসমৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে সুখবৰ

News18-Assam
Updated:August 8, 2019, 4:55 PM IST
লক্ষ্য ফুটবল বিশ্বকাপ আৰু অলিম্পিক, ভাৰতীয় দলত অসমৰ হলিচৰণ নাৰ্জাৰী আৰু লাভলিনা বৰগোঁহাই
source-Google
News18-Assam
Updated: August 8, 2019, 4:55 PM IST
বিপুল বৰ্মন: অসমৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে সুখৱৰ। অসমৰ সফল ফুটবলাৰ হলিচৰণ নাৰ্জাৰীয়ে ২০২২ কাটাৰ বিশ্বকাপৰ যোগ্যতা নিৰ্ণয়কাৰী খেলৰ বাবে ভাৰতীয় সাম্ভাব্য দলত স্থান লাভ কৰিছে। সম্মানীয় প্ৰতিযোগিতাৰ বাবে জাতীয় দলত হলিচৰণৰ স্থান লাভৰ খবৰে উৎফুল্লিত কৰি তুলিছে সমগ্ৰ ৰাজ্যৰ লগতে কোকৰাঝাৰৰ বাতাবাৰী গাওবাসীক।



সেইদৰে গোলাঘাটৰ বৰপথাৰৰ জীয়ৰী লাভলিনা বৰগোঁহাইয়ে মেৰীকমৰ সৈতে ৰাছিয়াৰ বিশ্ব বক্সিং চেম্পিয়নশ্বীপলৈ যোগ্যতা অৰ্জন কৰিছে। ভাৰতীয় দলৰ ৫১ কেজি শাখাত মেৰী কম নিৰ্বাচিত হোৱাৰ দৰেই ৬৯ কেজি শাখাত জাতীয় দলৰ জাৰ্চি পিন্ধিব লাভলিনা বৰগোঁহাইয়ে।



অলিম্পিক গেমছৰ যোগ্যতা অৰ্জনকাৰী হিচাপে ৰাছিয়াত অনুষ্ঠিত হবলগীয়া প্ৰতিযোগিতাখন অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে মেৰী-লাভলিনাৰ বাবে।
আৰু চাওক পৰৱৰ্তী বাতৰি